দুৰ্দান্ত ইনিংছেৰে জল্পনা-কল্পনাৰ অন্ত ৰোহিত শৰ্মাৰ
ইংলেণ্ডৰ বিৰুদ্ধে লণ্ডনৰ ঐতিহাসিক লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত ছিৰিজ নিৰ্ণায়ক তৃতীয় এদিনীয়াত ৰোহিত শৰ্মাই ৮৪টা বলত শতক সম্পূৰ্ণ কৰি সমালোচকসকলক জবাব দিয়ে। ৩৯ বছৰীয়া ভাৰতীয় তাৰকাগৰাকীয়ে ১১০টা বলত ১৭টা চাৰি আৰু ৫টা ছিক্সাৰৰ সহায়ত ১৩৮ ৰানৰ বিস্ফোৰক ইনিংছ খেলে।
এই ইনিংছৰ জৰিয়তে ৰোহিতে লৰ্ডছত এদিনীয়া ক্ৰিকেটত শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে ইতিহাস ৰচনা কৰে। ইয়াৰ পূৰ্বে এই খেলপথাৰত কোনো ভাৰতীয় বেটাৰৰ সৰ্বাধিক স্ক’ৰ আছিল ২০০৪ চনত সৌৰভ গাংগুলীৰ ৯০ ৰান। ৩৯সংখ্যক অভাৰত জেকব বেথেলৰ বলত ব’ল্ড হোৱাৰ পূৰ্বে ৰোহিতে ভাৰতৰ জয়ৰ আশা জীয়াই ৰাখিছিল।
ইয়াৰ লগতে ৩৯ বছৰ ৮০ দিন বয়সত তেওঁ লৰ্ডছত এদিনীয়াত শতক অৰ্জন কৰা সৰ্বাধিক বয়সীয়া বেটাৰ হিচাপেও নতুন অভিলেখ গঢ়ে। একে সময়তে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো ফৰ্মেট মিলাই ভাৰতৰ হৈ শতক অৰ্জন কৰা সৰ্বাধিক বয়সীয়া খেলুৱৈ হিচাপেও তেওঁ ৰাহুল দ্ৰাবিড়ৰ ২০১১ চনৰ অভিলেখ অতিক্ৰম কৰে।
ৰোহিতে নিজৰ শতক সম্পূৰ্ণ কৰে ৩১সংখ্যক অভাৰত লেগ স্পিনাৰ আদিল ৰশ্বিদক মিডউইকেটৰ ওপৰেৰে চাৰি মাৰি। এইটো আছিল ৰোহিত শৰ্মাৰ এদিনীয়া কেৰিয়াৰৰ ৩৪সংখ্যক শতক। এই তালিকাত তেওঁৰ আগত আছে কেৱল বিৰাট কোহলি (৫৪) আৰু শচীন তেণ্ডুলকাৰ (৪৯)।
ইংলেণ্ডৰ মাটিত এইটো আছিল ৰোহিতৰ অষ্টম এদিনীয়া শতক, যিটো কোনো বিদেশী দেশত ভ্ৰমণকাৰী বেটাৰৰ সৰ্বাধিক শতকৰ অভিলেখ।
এই খেলখনৰ পূৰ্বে ৰোহিত শৰ্মাৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰক লৈ ব্যাপক জল্পনা চলিছিল। বিভিন্ন প্ৰতিবেদনত দাবী কৰা হৈছিল যে লৰ্ডছৰ এই এদিনীয়াখনেই তেওঁৰ অন্তিম আন্তঃৰাষ্ট্ৰীয় মেচ হ’ব পাৰে।
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, BCCI-ৰ জ্যেষ্ঠ নিৰ্বাচক সমিতিয়ে ইংলেণ্ড ছিৰিজৰ পিছত দলটোক নতুন দিশলৈ লৈ যোৱাৰ সিদ্ধান্তৰ বিষয়ে ৰোহিতক অৱগত কৰিছিল। লগতে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পৰিকল্পনাত যশস্বী জয়ছোৱালক অপেনাৰ বেটাৰ হিচাপে আগবঢ়োৱাৰ চিন্তা চলি থকাৰ কথাও প্ৰকাশ পাইছিল। কিন্তু এই সকলো জল্পনাৰ মাজতে ৰোহিতে বেটেৰে দিছিল শক্তিশালী উত্তৰ।
ৰোহিতৰ ইনিংছত গঢ়া কেইবাটাও অভিলেখ
- লৰ্ডছত এদিনীয়া শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বেটাৰ।
- ৩৯ বছৰ ৮০ দিন বয়সত লৰ্ডছত শতক কৰা সৰ্বাধিক বয়সীয়া বেটাৰ।
- আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক বয়সত শতক কৰা খেলুৱৈ।
- ইংলেণ্ডত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় বেটাৰৰ সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰ (১৩৮ ৰান)। ইয়াৰ পূৰ্বে তেওঁৰেই ২০১৮ চনত ট্ৰেণ্ট ব্ৰিজত কৰা অপৰাজিত ১৩৭ ৰান সৰ্বোচ্চ আছিল।
- এদিনীয়াত লক্ষ্য অনুসৰণ কৰি ১৮সংখ্যক শতক, যিটো এই ফৰ্মেটত দ্বিতীয় সৰ্বাধিক। এই ক্ষেত্ৰত কেৱল বিৰাট কোহলিৰ ২৯টা শতক তেওঁৰ আগত আছে। এই ইনিংছেৰে তেওঁ শচীন তেণ্ডুলকাৰৰ ১৭টা লক্ষ্য অনুসৰণৰ শতকৰ অভিলেখ অতিক্ৰম কৰে।
-
বিৰাট কোহলিৰ সৈতে এদিনীয়াত ২১সংখ্যক শতকীয় পাৰ্টনাৰশ্বিপ, যিটো ইতিহাসৰ দ্বিতীয় সৰ্বাধিক। এই তালিকাত শচীন তেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলীৰ ২৬টা শতকীয় পাৰ্টনাৰশ্বিপ শীৰ্ষত আছে।
ডিজিটেল ডেস্ক, ২১ জুলাই