ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী এণ্ডি বাৰ্নহেম
ব্ৰিটেইনে সোমবাৰে (২০ জুলাই) নতুন প্ৰধানমন্ত্ৰী লাভ কৰিলে। গ্ৰেটাৰ মানচেষ্টাৰৰ প্ৰাক্তন মেয়ৰ এণ্ডি বাৰ্নহেম দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে। যোৱা সপ্তাহত তেওঁ শাসকীয় লেবাৰ পাৰ্টীৰ নতুন নেতা হিচাপে নিৰ্বাচিত হৈছিল। তাৰ পিছতেই তেওঁ কিয়াৰ ষ্টাৰমাৰৰ স্থান গ্ৰহণ কৰে।
শীঘ্ৰেই এণ্ডি বাৰ্নহেমে ১০ ডাউনিং ষ্ট্ৰিটস্থিত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰাৰ লগতে নতুন মন্ত্ৰীসভাৰ সদস্যসকলৰ নাম ঘোষণা কৰিব।
এণ্ডি বাৰ্নহেম যোৱা দহ বছৰত ব্ৰিটেইনৰ ষষ্ঠজন প্ৰধানমন্ত্ৰী। তেওঁ এনে এক সময়ত ক্ষমতালৈ আহিছে যেতিয়া লেবাৰ পাৰ্টীয়ে ৰাজনৈতিকভাৱে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে।
শেহতীয়া মাহসমূহত দলটোৰ জনসমৰ্থন হ্ৰাস পোৱাৰ বিপৰীতে সোঁপন্থী নেতা নাইজেল ফাৰাজৰ দলে জনসমৰ্থন বৃদ্ধি কৰিছে। এই পৰিপ্ৰেক্ষিতত নেতৃত্বৰ পৰিৱৰ্তনে লেবাৰ পাৰ্টীক নতুন গতি প্ৰদান কৰাৰ লগতে জনসাধাৰণৰ আস্থা পুনৰ ঘূৰাই অনাত সহায়ক হ’ব বুলি আশা কৰা হৈছে।
পদত্যাগৰ পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰে ১০ ডাউনিং ষ্ট্ৰিটৰ সন্মুখত বিদায়ী ভাষণ দিয়ে। ইয়াৰ পিছত তেওঁ বাকিংহাম পেলেচত উপস্থিত হৈ ৰজা চাৰ্লছ তৃতীয়ৰ ওচৰত আনুষ্ঠানিকভাৱে পদত্যাগপত্ৰ দাখিল কৰে।
ব্ৰিটেইনৰ সাংবিধানিক পৰম্পৰা অনুসৰি, ৰজাৰ সৈতে সাক্ষাতৰ পিছত এণ্ডি বাৰ্নহেমক চৰকাৰ গঠনৰ বাবে আনুষ্ঠানিক আমন্ত্ৰণ জনোৱা হয়।
প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এণ্ডি বাৰ্নহেমৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব হ’ব নতুন মন্ত্ৰীসভা গঠন কৰা। দিনটোৰ ভিতৰতে তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ নাম ঘোষণা হোৱাৰ সম্ভাৱনা আছে।
লেবাৰ পাৰ্টিৰ নেতৃত্বই বিশ্বাস কৰে যে বাৰ্নহেমৰ নেতৃত্বত দলটোৱে পুনৰ জনসাধাৰণৰ মাজত নিজৰ স্থিতি শক্তিশালী কৰিব পাৰিব আৰু আগন্তুক নিৰ্বাচনী প্ৰত্যাহ্বানসমূহ অধিক সফলতাৰে মোকাবিলা কৰিব।
ব্ৰিটেইনত পৰৱৰ্তী সাধাৰণ নিৰ্বাচন ২০২৯ চনত অনুষ্ঠিত হোৱাৰ কথা। ২০২৪ চনত শেষবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেয়ে প্ৰধানমন্ত্ৰী সলনি হ’ল বুলিয়েই দেশত পুনৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত নহ’ব।
উল্লেখ্য যে ২২ জুনত কিয়াৰ ষ্টাৰমাৰে লেবাৰ পাৰ্টীৰ নেতা পদৰ পৰা পদত্যাগ কৰাৰ ঘোষণা কৰিছিল। প্ৰায় দুবছৰীয়া কাৰ্যকালত তেওঁৰ চৰকাৰে বিভিন্ন বিতৰ্ক আৰু ৰাজনৈতিক সিদ্ধান্তৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল। বিশেষকৈ, আমেৰিকাত ব্ৰিটেইনৰ ৰাষ্ট্ৰদূত নিযুক্তিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কই তেওঁৰ চৰকাৰক অধিক চাপৰ মুখত পেলাইছিল।
ডিজিটেল ডেস্ক, ২১ জুলাই