নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ আজিৰ সমাজত উদ্ভৱ হোৱা দেখা গৈছে প্ৰকৃতিৰ ভয়ংকৰ ৰূপ। বায়ু প্ৰদূষণ, ভূমিৰ ক্ষয়িভৱন আদি নানানটা সমস্যাত মানৱ জীৱন জর্জৰিত। ই মানৱ স্বাস্থ্যলৈও মাতি আনিছে সমস্যা।
এটা নতুন অধ্যয়নে পৰামৰ্শ দিয়ে যে স্বাস্থ্যৱান হৈ থকাৰ একমাত্ৰ উপায় হৈছে- গছ ৰোপণ কৰা। প্ৰকৃতিৰ যিকোনো ৰোগক বাধা দিয়াৰ ক্ষমতা আছে। প্ৰায় ১১ বছৰ ধৰি সমগ্ৰ বিশ্বতে এটা গুৰুত্বপূৰ্ণ জৰীপ চলোৱা হৈছিল। এই জৰীপত দেখা গৈছে যিসকলে নিয়মীয়াকৈ বাগিচা- এয়া ফুলৰ দুই-চাৰিটা টাবো হব পাৰে- প্ৰতিপালনৰ অভ্যাস কৰে তেওঁলোক অধিক স্বাস্থ্যৱান আৰু মাৰাত্মক ৰোগৰ পৰা নিস্তাৰ পাব পাৰে।
সমীক্ষাটোত কোৱা হৈছে যে যিসকল লোকে বাগিচাত সপ্তাহত মাত্ৰ ১০ মিনিট বা কমেও ১ ঘণ্টা অতিবাহিত কৰে, তেওঁলোকৰ জীৱনৰ বাবে বিপদজনক ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ১৮% কম। আকৌ, যিসকলে সপ্তাহত ২.৫ ঘণ্টা বা তেওঁলোকৰ ৰুচি অনুসৰণ কৰিবলৈ প্ৰায় ৫ ঘণ্টা অতিবাহিত কৰে, তেওঁলোকৰ জীৱনৰ বাবে বিপদজনক ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ৩১% কম।
কেৱল বাগিচাখনেই নহয়, উদ্যানত বা পথাৰত কিছু সময়ৰ বাবে গছ-গছনিৰ চাৰিওফালে ঘূৰি ফুৰা লোকসকলৰ ক্ষেত্ৰতো ই কাম দিয়ে। এই প্ৰাকৃতিক টনিকে ঔষধতকৈ অধিক কাম কৰে। গতিকে, বেছি দেৰি হোৱা নাই। আপুনিও গছৰ সান্নিধ্য লভি জীৱন অনুপম কৰিব পাৰে।
Prev Post
Next Post