নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিছুৱালে NEET-PGৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ ভাৰতত ক’ভিডৰ দ্বিতীয় আক্ৰমণে শিক্ষা ক্ষেত্ৰকো প্ৰভাৱিত কৰিলে। দেশত ক’ভিডৰ সংহাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পিছুৱাই দিয়া হ’ল NEET-PG পৰীক্ষা। পূৰ্বৰ নিৰ্দেশ অনুসৰি এপ্ৰিলৰ ১৮ তাৰিখৰ পৰা হোৱা কথা আছিল NEET পৰীক্ষা। কিন্তু ক’ভিড সংক্ৰমণৰ বৰ্ধিত হাৰৰ বাবে এনে সিদ্ধান্ত লয় চৰকাৰে।
পৰৱৰ্তী সময়ত পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা কৰা হ’ব বুলি জনাইছে নিৰ্দেশনাটোত।

You might also like