নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রেপ্তাৰ হ’ব পাৰে প্রাক্তন মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ: আমেৰিকা যুক্তৰাষ্ট্রৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প গ্রেপ্তাৰ হ’ব পাৰে৷ ছ’চিয়েল মিডিয়াৰ পোষ্টত ড’নাল্ড ট্রাম্পে নিজেই প্রকাশ কৰা মতে অহা মঙলবাৰে তেওঁক গ্রেপ্তাৰ কৰিব পাৰে৷ নিউয়র্কৰ অধিবক্তা এগৰাকীয়ে চলাই থকা মহিলা এগৰাকীক যৌন সম্পর্কৰ বাবে প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে বৃহৎ পৰিমাণৰ ধন আদায় দিয়াৰ গোচৰ এটাত প্রাক্তন ৰাষ্ট্রপতিগৰাকীক গ্রেপ্তাৰ কৰাৰ সম্ভাৱনা আছে৷ মানহাটান ডিষ্ট্রিক এটর্নী অফিচৰ পৰা বে–আইনীভাৱে ফাদিল হোৱা তথ্যত প্রাক্তন ৰাষ্ট্রপতি ট্রাম্পক গ্রেপ্তাৰ কৰা হ’ব বুলি ইংগিত পোৱা বুলি ট্রাম্পে নিজেই ছ’চিয়েল মিডিয়াযোগে প্রচাৰ কৰিছে৷ আজি প্রচাৰ হোৱা এই তথ্যক লৈ আমেৰিকা যুক্তৰাষ্ট্রত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ অৱশ্যে ডিষ্ট্রিক এটর্নী অফিচৰ পৰা ফাদিল হোৱা এই তথ্য সন্দর্ভত এতিয়ালৈকে আনুষ্ঠানিকভাৱে একো প্রকাশ কৰা হোৱা নাই৷

You might also like