নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়া পৌৰসভাৰ অধীনৰ টিংৰাইস্থিত ডাম্পিং গ্ৰাউণ্ডৰ লিগেচি আৱৰ্জনাৰ নিষ্কাশন আৰু পুনৰ্সংস্থাপন প্ৰকল্পৰ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

 

  • দীঘলটৰঙৰ খহনীয়া প্ৰতিৰোধৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত।

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ:- ভাৰত চৰকাৰৰ প্ৰাকৃতিক গেছ, পেট্ৰলিয়াম,  শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি তিনিচুকীয়া  জিলাৰ টিংৰাই স্থিত ডাম্পিং গ্ৰাউণ্ডত অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আচঁনিৰ অধীনত প্ৰতিষ্ঠা হোৱা “REHABILITATION OF LEGACY WASTE THROUGH BIOMINING”  প্রকল্পটিৰ শুভাৰম্ভণী কৰে। উক্ত কাৰ্য্যসূচীত  তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পাল, অতিৰিক্ত উপায়ুক্ত (ইউ.এল.বি) চৰফ্ৰাজ হক, তিনিচুকীয়া পৌৰসভাৰ সভাপতি পৱিত্ৰ গগৈ, অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্য্যবাহী সঞ্চালক জ্যোতি প্ৰসাদ দাস, অইল ইণ্ডিয়া লিমিটেডৰ মানৱ সম্পদ আৰু ক্ষেত্র প্ৰশাসনৰ মুখ্য মহাপ্ৰৱন্ধক অৰুণজ্যোতি বৰুৱা, অইলৰ মানৱ সম্পদ আৰু প্ৰশাসনিক বিভাগৰ কাৰ্য্যৱাহী সঞ্চালক ৰাজীৱ বৰুৱা, অ. আই. আৰ. ডি. এছ ৰ সভাপতি তথা  ইনষ্ট্ৰুমেণ্টেচন ৰ কাৰ্যবাহী সঞ্চালক বৈৰৱ ভূঞা প্ৰমুখ্যে তিনিচুকীয়া পৌৰসভাৰ বিভিন্ন ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ সকল উপস্থিত থাকে। স্মাৰ্তব্য যে, চলিত বৰ্ষতে তিনিচুকীয়া পৌৰসভাৰ অধীনৰ টিংৰাইস্থিত ডাম্পিং গ্ৰাউণ্ডৰ লিগেচি আৱৰ্জনাৰ নিষ্কাশন আৰু পুনৰ সংস্থাপনৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া গ্ৰাম্য উন্নয়ন চচাইটিৰ মাজত এখনি বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল। এই বুজাবুজি চুক্তিৰ পৰিপ্ৰেক্ষিতে তিনি কোটি ১৭ লাখ ৪২ হাজাৰ টকাৰ ব্যয় সাপেক্ষে অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আচঁনিৰ পুঁজিৰ দ্বাৰা স্থাপন হোৱা প্ৰকল্পটোৰ দ্বাৰা তিনিচুকীয়া পৌৰসভাৰ লিগেচি আৱৰ্জনাবোৰ জৈৱ-খনন প্ৰক্ৰিয়াৰ জৰিয়তে নিষ্কাশন আৰু পুনৰ্বাসন কৰা হ’ব। আজিৰ শুভউদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি জিলা উপায়ুক্ত স্বপ্নীল পালে এই প্ৰকল্পটো তিনিচুকীয়া নগৰৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি প্ৰকল্পটোৱে সমগ্ৰ অঞ্চলটোৰ পাৰিপাৰ্শ্বিক, নান্দনিক আৰু সামাজিক মাপকাঠিৰ উন্নয়নত যথেষ্ট কাৰ্য্যকৰী হব বুলি মন্তব্য আগবঢ়ায়। ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে  প্ৰকল্পটোয়ে তিনিচুকীয়া নগৰৰ লিগেচি আৱৰ্জনাৰ সঠিকভাৱে  নিষ্কাশন আৰু পুনৰ্সংস্থাপন কৰি অঞ্চলটোৰ সৌন্দৰ্যৱৰ্ধনত অৰিহণা যোগাব বুলি মন্তব্য আগবঢ়ায়। ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে অইল ইণ্ডিয়া লিমিটেডক সামাজিক দায়বদ্ধতা আচঁনিৰ অধীনত এই প্ৰকল্পটোৰ প্ৰতিষ্ঠাৰ ক্ষেত্রত আগবঢ়োৱা পুঁজিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে, অনাগত দিনত এই ডাম্পিং গ্ৰাউণ্ডত এখনি পাৰ্ক নিৰ্মাণৰো ব্যৱস্থা কৰা হব। ইয়াৰ পাছতে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত তিনিচুকীয়া জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত তিনিচুকীয়া জিলাৰ দীঘলটৰং এলেকাত হোৱা খহনীয়া প্ৰতিৰোধৰ বাবে এখনি বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী মহোদয় আৰু ডুমডুমা সমষ্টিৰ বিধায়ক ৰুপেশ গোৱালাই উপস্থিতিত তিনিচুকীয়া জিলা প্ৰশাসনৰ হৈ উপায়ুক্ত স্বপ্নীল পালে আৰু অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ মুখ্য কাৰ্যবাহী বিষয়া (আৱাসিক) ৰ হৈ কাৰ্য্যবাহী সঞ্চালক জ্যোতি প্ৰসাদ দাসে এই বুজাবুজি চুক্তিত স্বাক্ষৰিত কৰে। এই বুজাবুজি চুক্তি অনুসৰি অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আচঁনিৰ অধীনত ৪.১২৬ কোটি টকা আগবঢ়োৱা হব। আনহাতে, অনতিপলমে ডুমডুমাৰ পৰা বাঘজানলৈকে ২১.৬  কিলোমিটাৰ পথ নিৰ্মাণৰ বাবেও এখনি বুজাবুজি চুক্তি  তিনিচুকীয়া জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত স্বাক্ষৰিত হব।

প্ৰেৰক:- বিবেক বড়া

You might also like