নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকা নাই পথৰ জোপোহাত সন্তান জন্ম মহিলাৰ

নিয়মীয়া বাৰ্তা, ২২ মে’: দেশৰ বিভিন্ন ৰাজ্যৰ চিকিৎসা ক্ষেত্রত চলি আছে ভয়াৱহ গাফিলতি আৰু প্রহসন৷ শেহতীয়াকৈ ধন দিব নোৱাৰাৰ বাবে এগৰাকী মহিলাৰ সন্তান প্রসৱ কৰাবলৈ অমান্তি হয় চিকিৎসকসকল৷ উপায়হীন হৈ মহিলাগৰাকীয়ে সন্তান জন্ম দিবলগীয়া হয় পথৰ কাষৰ জোপোহাত৷ পথৰ কাষত বনৰ জোপোহাত শাড়ীৰে চৌদিশ ঢ়াকি সন্তান জন্ম দিলে মহিলাগৰাকীয়ে৷ উত্তৰ প্রদেশৰ এই ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে সংবাদ মাধ্যমত বিষয়টোক লৈ সৰৱ চর্চা চলিছে৷ আলিগড়ৰ ইগ্লাছ চহৰৰ হাবুদাত এই ঘটনা সংঘটিত হৈছে৷ অন্তঃসত্ত্বা মহিলাক প্রসৱৰ বাবে এক্স চিকিৎসালয়লৈ লৈ যোৱা হয়৷ প্রসৱ কৰোৱাৰ বাবে ১০০০ টকা বিচাৰিছিল হাস্পতালৰ স্বাস্থ্যকর্মীসকলে৷ সেই টকা দিবলৈ অসমর্থ মহিলাগৰাকীৰ পৰিয়াল৷ উপায়হীন হৈ মহিলাগৰাকীক হাস্পতালৰ কাষৰ পথৰ জোপোহাৰ কাষলৈ লৈ গৈ সন্তান জন্ম দিয়াত সহায় কৰিবলগীয়া হয় পৰিয়ালৰ সদস্যই৷ এই ঘটনাক ইতিমধ্যে অমানৱীয় বুলি আখ্যা দিছে বিভিন্ন মহলে৷ মহিলাগৰাকীয়ে জোপোহাৰ আঁৰ লৈ সন্তান জন্ম দিয়া ঘটনাৰ ভিডি’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷

You might also like