নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা জম্মু–কাশ্মীৰত জি২০ গোষ্ঠীৰ তিনিদিনীয়া পর্যটন সন্মিলন

নিয়মীয়া বাৰ্তা, ২২ মে’: আজিৰে পৰা কাশ্মীৰত আৰম্ভ হ’ব জি২০ৰ পর্যটন সন্মিলন৷ জি২০ গোষ্ঠীভুক্ত দেশসমূহৰ পর্যটন মন্ত্রীসকলৰ সন্মিলন অনুষ্ঠিত হোৱাৰ পূর্বেই উপত্যকাৰ নিৰাপত্তাক লৈ কটকটীয়া ব্যৱস্থা গ্রহণ কৰিছে কেন্দ্রীয় সংস্থাসমূহে৷ আজি জি২০ৰ সন্মিলনত কূটাঘাতৰ পৰিকল্পনা কৰাৰ সন্দেহত ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই গ্রেপ্তাৰ কৰে জইচ–ই–মহম্মদৰ এজন চোৰাংচোৱাক৷ সন্ত্রাসবাদী আক্রমণৰ ষড়যন্ত্র আৰু কাশ্মীৰ উপত্যকাত কূটাঘাতী কার্যত সহায় কৰাৰ অভিযোগ আছে গ্রেপ্তাৰ হোৱা লোকজনৰ বিৰুদ্ধে৷ উল্লেখ্য যে আজিৰে পৰা ২৪ মে’লৈকে কাশ্মীৰত জি২০ৰ সন্মিলন চলিব৷ এই সন্মিলনত অংশগ্রহণ কৰিবলৈ অস্বীকাৰ কৰিছে পাকিস্তান আৰু চীনে৷

You might also like