নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পতঞ্জলিৰ ব্যৱসায়ৰ উপার্জন বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী: পতঞ্জলি ফুড লিমিটেডে ইতিমধ্যে তেওঁলোকৰ প্রডাক্টসমূহৰ জৰিয়তে গ্রাহকৰ বিশ্বাসযোগ্যতা আদায় কৰিবলৈ সক্ষম হৈছে৷ ২০২২ বর্ষৰ ৩১ ডিচেম্বৰ ত্রৈমাসিকৰ শেষত কোম্পানীৰ সর্বমুঠ উপার্জন পূর্বৰ ৬,৩০১.১৯ কোটিৰ পৰা বৃদ্ধি হৈ ৭,৯৬৩.৭৫ কোটি টকা হৈছেগৈ৷ এয়া পতঞ্জলি প্রডাক্টৰ বিশ্বাসযোগ্যতা আৰু নির্ভৰযোগ্যতাৰ বাবেই সম্ভৱ হৈছে৷ কোম্পানীয়ে ব্যৱসায় প্রসাৰৰ লক্ষ্যৰে ইতিমধ্যে ত্রিপুৰা, নাগালেণ্ড, অৰুণাচল, অসম আৰু মিজোৰাম চৰকাৰৰ সৈতেও বুজাবুজি চুক্তিত উপনীত হৈছে৷

You might also like