নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত প্রথমবাৰলৈ সন্ধান পোৱা গ’ল লিথিয়াম খনিৰ; কাশ্মীৰৰ ভূ–গর্ভত ৫৯ লাখ টন লিথিয়ামৰ ভাণ্ডাৰ

  • খনি মন্ত্রালয়ৰ বিবৃতি প্রকাশ: দেশত ইলেক্ট্রিক গাড়ীৰ বেটাৰী নির্মাণৰ খৰচ হ্রাস পাব

 

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী: দেশৰ ভিতৰত প্রথমবাৰৰ বাবে সন্ধান হোৱা গৈছে লিথিয়াম খনিৰ৷ জম্মু–কাশ্মীৰত পোৱা গৈছে এই খনিৰ সন্ধান৷ কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা এই কথা ঘোষণা কৰাৰ লগে লগে বিষয়টোক লৈ ব্যাপক চর্চা চলিছে সংবাদ মাধ্যমত৷ কালি কেন্দ্রীয় খনি মন্ত্রালয়ৰ তৰফৰ পৰা এক বিবৃতিও প্রকাশ কৰা হৈছে এই বিষয়টো সন্দর্ভত৷ কাশ্মীৰৰ ভূ–গর্ভত মুঠ ৫৯ লাখ টন লিথিয়াম থকা বুলি অনুমান কৰিছে বিশেষজ্ঞসকলে৷ ইয়াৰ উপৰি কালি কেন্দ্রীয় খনি মন্ত্রালয়ৰ তৰফৰ পৰা প্রকাশ কৰা বিবৃতিত উল্লেখ কৰা হৈছে যে লিথিয়াম আৰু সোণ মিহলি ৫১টা মিনাৰেল ব্লক সংশ্লিষ্ট ৰাজ্য প্রশাসনৰ হাতত তুলি দিয়া হৈছে৷ ইয়াৰ উপৰি পাঁচটা ব্লক আছে সোণৰ৷ বাকী ব্লকসমূহত আছে পটাছ, মলিডেনাম, বেছ মেটেল ইত্যাদি৷ জম্মু–কাশ্মীৰ, ৰাজস্থান, তামিলনাডু, তেলেংগানা, অন্ধ্রপ্রদেশ, গুজৰাট, ছত্তীশগড়, ঝাৰখণ্ড, কর্ণাটক, মধ্যপ্রদেশ, ওড়িশাসহ মুঠ ১১ ৰাজ্যত এই মিনাৰেল ব্লকৰ সন্ধান পোৱা গৈছে৷ ইলেক্ট্রিক গাড়ীৰ বেটাৰী নির্মাণৰ বাবে মূলতঃ ব্যৱহাৰ কৰা হয় লিথিয়াম৷ এতিয়ালৈকে লিথিয়াম বিদেশৰ পৰা আমদানি কৰিবলগীয়া হৈছে ভাৰতে৷ এইবাৰ দেশত লিথিয়াম খনিৰ সন্ধান পোৱাৰ লগে লগে আগন্তুক দিনত ভাৰতত লিথিয়ামৰ দাম সস্তা হ’ব বুলি ধাৰণা কৰিছে বিশেষজ্ঞ মহলে৷ ইফালে, বিবৃতিত এই কথাও খনি মন্ত্রালয়ৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে কয়লা, লিগনাইট মিহলি মুঠ ৭৮৯৭ নিযুত টন খনিজ সম্পদৰ সন্ধান পোৱা গৈছে দেশত৷ এই সম্পর্কীয় ১৭খন প্রতিবেদন কয়লা মন্ত্রালয়ৰ হাতত তুলি দিছে চৰকাৰে৷ লক্ষণীয়ভাৱে লিথিয়ামৰ খনিৰ দেশত প্রথমবাৰৰ বাবে সন্ধান পোৱাটো উদ্যোগ ক্ষেত্রৰ বাবে গুৰুত্বপূর্ণ ঘটনা বুলি উল্লেখ কৰা হৈছে খনি মন্ত্রালয়ৰ বিবৃতিত৷ কাৰণ লিথিয়ামৰ বাবে বিদেশৰ ওপৰত নির্ভৰ কৰাৰ ফলত ইলেক্ট্রিক গাড়ীৰ বেটাৰীসহ বিভিন্ন সৰঞ্জাম নির্মাণৰ ক্ষেত্রত ভাৰতে অধিক ধনৰ অপচয় কৰিবলগীয়া হৈছিল৷ এতিয়া এই ক্ষেত্রত যথেষ্ট ধন ৰাহি হ’ব বুলি বিশেষজ্ঞসকলে উল্লেখ কৰিছে৷ অত্যাধুনিক প্রযুক্তিৰ পৃথিৱীত এক গুৰুত্বপূর্ণ উপাদান হৈছে ৰিচার্জেবল বেটাৰী৷ এই বেটাৰী নির্মাণৰ ক্ষেত্রত ভাৰত সম্পূর্ণৰূপে স্ব–নির্ভৰশীল হোৱাৰ সুযোগ আনি দিব লিথিয়াম খনিৰ সন্ধানে৷ জম্মু–কাশ্মীৰৰ ৰিয়াছি জিলাৰ ছালাল–হাইমানা অঞ্চলত এই লিথিয়াম ভাণ্ডাৰৰ সন্ধান লাভ কৰে জি’লজিকেল অৱ ইণ্ডিয়াই৷ বিশেষজ্ঞসকলৰ মতে, ভাৰতত এই লিথিয়াম ভাণ্ডাৰৰ সন্ধান পোৱাৰ পাছত দেশখনত আগন্তুক দিনত ব্যক্তিগত বৈদ্যুতিক গাড়ীৰ উৎপাদন অধিক বৃদ্ধি পাব৷ সংবাদ মাধ্যমৰ তথ্য অনুসৰি, ২০৩০ চনৰ ভিতৰত দেশত বৈদ্যুতিক গাড়ীৰ সংখ্যা ৩০ শতাংশ বৃদ্ধি পাব পাৰে৷ প্রদূষণৰ মোকাবিলা কৰাৰ ক্ষেত্রত বৈদ্যুতিক গাড়ীৰ ব্যৱহাৰৰ গুৰুত্ব বৃদ্ধি পাইছে৷ গতিকে লিথিয়াম খনিৰ সন্ধানে দেশত এক নতুন দিগন্ত মুকলি কৰিলে৷

You might also like