নিয়মীয়া বাৰ্তা, ১০ মে’ : মধ্যপ্রদেশৰ ৰাজধানী ভূপালৰ চিৰায়ু হাস্পতালত অক্সিজেন থেৰাপীৰ জৰিয়তে ৩৯৬জন লোক ক’ৰোনা ভাইৰাছ সংক্রমণৰ পৰা আৰোগ্য লাভ কৰা বুলি জানিব পৰা গৈছে ৷ চিৰায়ু হাস্পতালৰ পৰা ১৮জনক আৰু ভূপালৰ এইমছৰ পৰা দুজন ৰোগীক ইতিমধ্যে ঘৰলৈ যাবলৈ দিয়া হৈছে ৷ ‘আৰোগ্য লাভ কৰা সকলোকে হোম কোৱাৰেণ্টাইনত থকাৰ পৰামর্শ দিয়া হৈছিল ৷ ১৪ দিনৰ পিছত এই সকলো লোকেই তেওঁলোকৰ প্লাজমা দান কৰিব পাৰিব ৷ আগতীয়া অক্সিজেন থেৰাপী ক’ৰোনা সংক্রমণৰ চিকিৎসাত সফল হৈছে ৷ এতিয়ালৈকে ৩৯৪জন লোক সু–স্বাস্থ্যৰে ঘৰলৈ উভতিছে ৷’ হাস্পতালৰ সঞ্চালক অজয় গোৱেংকাই এইদৰে কয় ৷