নিয়ৰ্মীয়া বাৰ্তা, ২২অক্টোবৰ : প্রতিৰক্ষা ক্ষেত্রত আৰু এখোজ আগবাঢ়িলে ভাৰত৷ লাডাখত চীনৰ আগ্রাসী মনোভাবলৈ নজৰ ৰাখি অগ্ণি ছিৰিজৰ নতুন ক্ষেপণাস্ত্র ‘অগ্ণি প্রাইম’ৰ পৰীক্ষামূলক উৎক্ষেপণ কৰিলে আজি ভাৰতে৷ যোৱা বছৰ দুবাৰ এই ক্ষেপণাস্ত্রৰ ক্ষমতা সম্পর্কত পৰীক্ষা চলাইছিল ভাৰতে৷ আজি ওড়িশাৰ উপকূলত অগ্ণি প্রাইম ক্ষেপণাস্ত্র পৰীক্ষামূলক উৎক্ষেপণ কৰে প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডি’)এ৷ পৰমাণু অস্ত্র বহনত সক্ষম এই ক্ষেপণাস্ত্র অগ্ণি ছিৰিজৰ নতুন প্রজন্মৰ ক্ষেপণাস্ত্র৷ ১ৰ পৰা ২,০০০ কিলোমিটাৰ পর্যন্ত লক্ষ্যত নিখুঁতভাৱে আঘাত হানিবলৈ সক্ষম হ’ব অগ্ণি প্রাইম৷ উল্লেখনীয় যে অত্যাধুনিক প্রযুক্তিত নির্মিত ক্ষেপণাস্ত্রটোত ব্যৱহাৰ কৰা হৈছে পাতল মিশ্র ধাতু৷ ইয়াৰ ফলত অগ্ণি–৩তকৈ এই ক্ষেপণাস্ত্রৰ ওজন ৫০ শতাংশ কম বুলি উল্লেখ কৰিছে ডিআৰডি’ৱে৷