নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেত্ৰী শ্বাবনা আজমীৰ বাহন দুৰ্ঘটনাত পতিত

নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ অভিনেত্ৰী শ্বাবনা আজমীৰ  শনিবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত আহত হয়। মুম্বাই পুণে এক্সপ্ৰেছত অভিনেত্ৰী গৰাকীৰ বাহন খনে পথৰ কাষত ৰৈ থকা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত আজমীৰ মূৰ আৰু হাতত আঘাত পাইছে। জাভেদ আখতাৰো সেই সময়ত গাড়ীতে আছিল যদিও তেওঁ কোনো ধৰণৰ আঘাত পোৱা নাই। শ্বাবনাক নবী মুম্বাইৰ এমজীম হাস্পাতলত ভৰ্তি কৰোৱা হৈছে। অৱ্যেশ্য আজমী সংকতমুক্ত।

You might also like