নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ সোমবাৰে ভাৰত ভ্ৰমণৰ বাবে আহমেদাবাদত উপস্থিত হোৱা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দ্বিতীয় কাৰ্যসূচী হিচাপে উপস্থিত থাকে ম’টেৰা ষ্টেডিয়ামত । বিশ্বৰ সবাতোকৈ বিশাল ক্ৰিকেট ষ্টেডিয়ামত আদৰণি জনোৱাৰ বাবে অভিভূত হৈ পৰে ৰাষ্ট্ৰপতি ট্ৰাম্প । ভাষণৰ আৰম্ভণিতে হিন্দীতে নমস্তে বুলি উল্লেখ কৰি এই অপূৰ্ব সম্ভাষণক চিৰদিন মনত ৰাখিব বুলি উল্লেখ কৰে ট্ৰাম্পে । ১.২৫ লাখ লোকে ট্ৰাম্পক জনোৱা আদৰণিৰ বাবে ধন্যবাদ জনোৱাৰ লগতে আমেৰিকাই সদায় ভাৰতক ভালপায় আৰু সন্মান কৰি আহিছে বুলি কয় ড’নাল্ড ট্ৰাম্পে ।
প্ৰধানমন্ত্ৰী মোডী হৈছে এই বিশাল গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ এগৰাকী সফল নেতা, তেওঁ অকল গুজৰাটৰে গৌৰৱ নহয় বুলি ভাষণত উল্লেখ কৰে ট্ৰাম্পে । ভাষণৰ মাজতে বলীউডৰ প্ৰশংসাতো পঞ্চমুখ হৈ পৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী । বছৰি ২০০০ খনৰ ছবি নিৰ্মাণ কৰা বলীউডে চলচ্চিত্ৰৰ ক্ষেত্ৰত অনন্য মাত্ৰা আনিছে বুলিও উল্লেখ কৰে । ইফালে, চৰ্দাৰ বল্লভ ভাই পেটেলক সোঁৱৰণ কৰাৰ লগতে ক্ৰিকেটৰ কথা উল্লেখ কৰি শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলীৰ কথাও কয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ।
কঠিন কষ্ট আৰু নিষ্ঠাৰ প্ৰতীক প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰমাণ কৰি দিছে যে ভাৰতীয়ই যি বিচাৰে সেয়া কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে লাভ কৰিব পাৰে – এইদৰে প্ৰধানমন্ত্ৰী মোডী তথা নিজৰ বন্ধুৰ সন্দৰ্ভত মন্তব্য কৰে ট্ৰাম্পে ।