নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোধ্যাৰ ৰায় পুনৰ বিবেচনাৰ দাবীত উচ্চতম ন্যায়ালয়ত আবেদন জামাতৰ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ অযোধ্যাৰ বিবাদৰ ৰায়ৰ পাচতেই এতিয়া পুনৰ বিবেচনাৰ বাবে পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জামাত-উলেমা-ই-হিন্দ । সোমবাৰে উচ্চতম ন্যায়ালয়তএই সম্পৰ্কে এক আবেদন দাখিল কৰে জামাত-উলেমা-ই-হিন্দৰ প্ৰধান আৰ্ছাদ মাদানীয়ে । তেওঁ উল্লেখ কৰে যে, উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক দেশৰ এক বৃহৎ সংখ্যক মুছলমান লোকে সহজে মানি ল’ব পৰা নাই । গতিকে আদালতে দিয়া পুনৰবিবেচনাৰ অধিকাৰৰ দোহাই দি এই আবেদন দাখিল কৰা হয় বুলি উল্লেখ কৰে মাদানীয়ে ।

You might also like