অহা ২৭ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ’ব
নিয়মীয়া বাৰ্তা ২২ এপ্ৰিলঃ দেশত ক’ৰোনা সংক্ৰমণৰ বিৰোধে যুঁজত চিকিৎসকলে দিনে নিশাই নিজৰ কৰ্তব্য সম্পাদন কৰি আহিছে। তাৰ মাজতে কিছু কিছু অঞ্চলত স্বাস্থ্য কৰ্মী সকলৰ ওপৰত আক্ৰমণ কৰিছে একাংশই। যাৰ পৰিপেক্ষিতত আজি কেন্দ্ৰীয় কেবিনেট অনুষ্ঠিত হয় আৰু স্বাস্থ্য কৰ্মী সকলৰ সুৰক্ষাৰ বাবে মহামাৰী ৰোগ(সংশোধন) ২০২০ অধ্যাদেশ গৃহীত কৰা হৈছে। এই সন্দৰ্ভে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে স্বাস্থ্য কৰ্মীৰ সুৰক্ষাৰ লগত কোনো ধৰণৰ আপোচ কৰা নহব।
আনহাতে প্ৰধানমন্ত্ৰী গৰাকীয়ে অহা ২৭ এপ্ৰিলত মুখ্য মন্ত্ৰী সকলৰ সৈতে ভিডিঅ কনফাৰেন্সৰ যোগেদি পৰৱৰ্তী ৰণকৌশল সৌন্দৰ্ভত আলোচনাত মিলিত হ’ব।