নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰবিন্দ কেজৰিৱালৰ কামক প্রত্যাহ্বান জনাব পৰা নাই বিজেপি-কংগ্রেছে

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ আগন্তুক ৮ ফেব্রুৱাৰীত এটা পর্যায়তে অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নির্বাচনৰ বাবে শাসকীয় আম আদমী পার্টী (আপ)ক প্রতিহত কৰিবলৈ কংগ্রেছ আৰু বিজেপিয়ে প্রতিশ্রুতিৰ জোৱাৰ আৰম্ভ কৰিছে ৷ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আপ চৰকাৰে দিল্লীবাসীক বিদ্যুৎ আৰু বিশুদ্ধ খোৱাপানীৰ ক্ষেত্রত যি সুবিধা প্রদান কৰিছে, তাক লৈ গৰিষ্ঠসংখ্যক নাগৰিকেই সন্তুষ্ট ৷

স্মর্তব্য যে আপ চৰকাৰে দিল্লীত ২০০ ইউনিট পর্যন্ত বিদ্যুৎ বিনামূলীয়া কৰি দিয়াৰ উপৰি মাহত ২০ হাজাৰ লিটাৰ পানী মাচুল অবিহনেই প্রদান কৰিছে একোটা পৰিয়ালক ৷ কেজৰিৱালৰ এই কামৰ বাবেই শেহতীয়াকৈ দিল্লীবাসীৰ গৰিষ্ঠসংখ্যকে আগন্তুক নির্বাচনত পুনৰ আপকেই প্রথম পছন্দ হিচাপে বাছি ল’ব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য আগবঢ়াইছে ৷ এনে পৰিস্থিতিত বিজেপি আৰু কংগ্রেছৰ বাবে কেজৰিৱালৰ সন্মুখত নতুন প্রতিশ্রুতি প্রদানৰ ক্ষেত্রত আহি পৰিছে প্রত্যাহ্বান ৷

দিল্লী বিজেপিৰ মুৰব্বী মনোজ তিৱাৰীয়ে উল্লেখ কৰিছে যে দলটো ক্ষমতালৈ আহিলে প্রতিমাহত বিনামূলীয়াকৈ প্রতিটো পৰিয়ালক ২৫ হাজাৰ লিটাৰ পানী যোগান ধৰা হ’ব ৷ ইয়াৰ উপৰি পানীৰ মান উৎকৃষ্ট হ’ব বুলি তিৱাৰীয়ে প্রতিশ্রুতি দিছে ৷ ইয়াৰ পিছমুহূর্ততে কেজৰিৱালে প্রতিশ্রুতি দিছে যে পুনৰ আপ ক্ষমতালৈ আহিলে প্রতিমাহত পৰিয়ালবোৰক ৬০০ ইউনিট পর্যন্ত বিদ্যুতৰ মাচুল ৰেহাই দিয়া হ’ব ৷

You might also like