নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ বিৰোধীৰ প্রতিবাদ, সদন ত্যাগৰ মাজতেই মঙলবাৰে ৰাজ্যসভাত গৃহীত হয় নির্বাচন আইন (সংশোধন) বিধেয়ক, ২০২১৷ কালি লোকসভাত মৌখিক ভোটত বিৰোধীৰ আপত্তি, প্রতিবাদৰ মাজত নির্বাচন আইন (সংশোধন) বিধেয়ক, ২০২১খন গৃহীত হোৱাৰ পাছত আজি ৰাজ্যসভাতো অনুৰূপ পৰিস্থিতিত বিধেয়কখন গৃহীত হয়৷ চলিত সংসদৰ শীতকালীন অধিৱেশনত দুয়ো সদনত নির্বাচন আইন (সংশোধন) বিধেয়ক, ২০২১ গৃহীত হোৱাৰ পাছতেই বিধেয়কখন আইনত পৰিণত হোৱাৰ পথ প্রশস্ত হ’ল৷ ৰাষ্ট্রপতিয়ে অনুমোদন জনোৱাৰ পাছতেই এই আইন বলৱৎ হ’ব আৰু আইনখন অনুসৰি ভোটাৰৰ ফটো পৰিচয়–পত্রৰ লগত আধাৰ কার্ড সংযোগ হ’ব৷ কালি কেন্দ্রীয় আইনমন্ত্রী কিৰেণ ৰিজিজুৱে লোকসভাত উত্থাপন কৰি নির্বাচনী সংস্কাৰ বিধেয়কখন গৃহীত কৰাৰ পাছত কালি ৰাজ্যসভাতো মন্ত্রীগৰাকীয়ে বিধেয়কখন উত্থাপন কৰাৰ পাছতেই বিৰোধীয়ে তীব্র প্রতিবাদ সাব্যস্ত কৰে
কংগ্রেছ, টি এম চি, বাঁওপন্থী দলসমূহ, ডি এম কে আৰু এন চি পিয়ে প্রতিবাদ সাব্যস্ত কৰি সদন ত্যাগ কৰাৰ পাছতেই মৌখিক ভোটযোগে বিধেয়কখন গৃহীত হোৱা বুলি ৰাজ্যসভাৰ সভাপতিয়ে ঘোষণা কৰে৷ বিৰোধী দলসমূহে নির্বাচনী সংস্কাৰ বিধেয়কখনৰ বিৰোধিতা কৰাৰ বিপৰীতে শাসকীয় বিজেপি, জে ডি ইউ, ৱাই এছ আৰ চি পি, এ আই এ ডি এম কে, বিজেডি, টিএমচি–এম–এ এই বিধেয়কখনক সমর্থন জনায়৷ এই বিধেয়খন আইনত পৰিণত হ’লে দেশৰ নির্বাচনী প্রক্রিয়াত চলি থকা ভুৱা ভোটাৰ আৰু জালিয়াতি ভোটাৰৰ সামৰণি পৰিব৷
মন কৰিবলগীয়া যে কালিৰ লোকসভাত বিৰোধী দলে চমু বিতর্কৰ সময়ত নির্বাচন আইন (সংশোধন) বিধেয়ক, ২০২১খনৰ কিছু সালসলনি ঘটোৱাৰ বাবে ষ্টেণ্ডিং কমিটীলৈ প্রেৰণৰ দাবী জনায় যদিও কেন্দ্রীয় চৰকাৰে এই দাবী অস্বীকাৰ কৰে৷ ৰাজ্যসভাত বিতর্ক নোহোৱাকৈ কেন্দ্রীয় চৰকাৰে বিধেয়কখন গৃহীত কৰাটো গণতন্ত্রৰ প্রতি ভেঙুচালি বুলি অভিযোগ কৰিছে কংগ্রেছৰ ৰাজ্যসভাৰ দলপতি মল্লিকার্জুন খার্গেই৷ শাসকীয় বিজেপিয়ে বিধেয়কখনৰ জৰিয়তে নির্বাচনী সংস্কাৰৰ প্রসংগৰে ভুৱা ভোটাৰৰ সামৰণি পৰিব বুলি দাবী কৰাৰ বিপৰীতে কংগ্রেছসহ বিৰোধীয়ে এই বিধেয়কখনে দেশৰ নাগৰিকৰ মৌলিক অধিকাৰ আৰু গোপনীয়তাৰ অধিকাৰ ভংগ কৰিব বুলি দাবী কৰিছে৷