নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই এন এক্স মিডিয়াৰ গোচৰত জামিন পি. চিদাম্বৰমৰ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ আই এন এক্স মিডিয়াৰ গোচৰত অভিযুক্ত পি. চিদাম্বৰমৰ উচ্চতম ন্য়ায়ালয়ৰ পৰা জামিন লাভ কৰিছে। এই গোচৰত ই.ডি আৰু চি বি আইয়ে পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছিল। চিদাম্বৰমক ২১ আগষ্টত চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছিল। ২২ অক্টোবৰত উচ্চতম ন্যায়ালয়ে চি.বি.আইৰ গোচৰত জামিন লাভ কৰিছিল যদিও ই.ডিয়ে ১৭ অক্টোবৰত চিদাম্বৰক গ্ৰেপ্তাৰ কৰিছিল।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে ২ লাখ টকাৰ বেল বণ্ড দি জামিন লাভ কৰে। উচ্চতম ন্যায়ালয়ৰ অনুমতি অবিহনে চিদাম্বৰমে যাত্ৰা কৰিব নোৱাৰিব। লগতে চিদাম্বৰমে এই গোচৰক লৈ কোনো ধৰণৰ সাৰ্বজনিক মন্তব্য আৰু সংবাদ মেল সম্বোধন কৰিব নোৱাৰিব।

You might also like