নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ টীম ইণ্ডিয়াৰ দুই তাৰকা বেটছমেন বিৰাট কোহলি আৰু ৰোহিত শর্মাই আই চি চি এদিনীয়া ৰেংকিঙৰ বেটছমেন শাখাৰ শীর্ষ স্থান দুটা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷ আলহী দল অষ্ট্রেলিয়াৰে সদ্যসমাপ্ত এদিনীয়া শৃংখলাটোত কৰা দমনীয় বেটিং প্রদর্শনৰ বাবে কোহলি আৰু ৰোহিতৰ ৰেটিং পইণ্ট বৃদ্ধি হয়৷
দুই ৰেটিং পইণ্ট বৃদ্ধি হৈ কোহলিয়ে ৮৮৬ পইণ্টেৰে শীর্ষস্থানটো অক্ষুণ্ণ ৰখাৰ লগতে ৩ ৰেটিং পইণ্ট বৃদ্ধি হৈ ৰোহিতে ৮৬৮ পইণ্টেৰে দ্বিতীয় স্থানটো নিজৰ দখলতে ৰাখে৷
ইফালে, সাতটা স্থান আগুৱাই শিখৰ ধাৱনে পঞ্চদশ, লোকেশ ৰাহুলে ২১টা স্থান আগুৱাই পঞ্চদশ স্থানটো লাভ কৰিছে৷
ইফালে, টীম ইণ্ডিয়াৰ যশপ্রীত বুমৰাহে শীর্ষস্থান অধিকাৰ কৰি থকা বলিং শাখাৰ শীর্ষ ১০ত কোনো এজন ভাৰতীয় বলাৰে স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ দুটা স্থান আগুৱাই ৰবীন্দ্র জাদেজাই ২৭ সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে এটা স্থানৰ অৱনমন ঘটি কুলদীপ যাদৱ ত্রয়োদশ স্থানলৈ অৱনমিত হৈছে৷