নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকছাই চীনত নতুন ৰে’ললাইন নির্মাণ বেইজিঙৰ

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী: চীন সীমান্তত পুনৰ চাপ বৃদ্ধি পাব ভাৰতত৷
নতুন চাপ সৃষ্টি কৰিবলৈ এইবাৰ অবৈধভাৱে দখল কৰি ৰখা আকছাই চীন অঞ্চলত
ৰে’ললাইন নির্মাণ কৰিছে বেইজিং প্রশাসনে৷ সংবাদ মাধ্যমৰ সূত্রই প্রকাশ
কৰা অনুসৰি প্রকৃত নিয়ন্ত্রণ ৰেখাৰ সমীপেৰে গৈছে এই ৰে’ললাইনটো৷ গতিকে
আগন্তুক দিনত এই ৰে’ললাইনটো চীনৰ বৃহত্তৰ যুদ্ধৰ পৰিকল্পনাৰ অংশ হ’ব পাৰে
বুলি ধাৰণা কৰিছে বিশেষজ্ঞ মহলে৷ তিব্বত প্রশাসনক এই ৰে’ললাইন নির্মাণৰ
দায়িত্ব দিছে চীনৰ কমিউনিষ্ট চৰকাৰে৷ প্রকৃত নিয়ন্ত্রণ ৰেখাৰ ওচৰেৰে
যাবলগীয়া এই ৰে’ললাইন আকছাই চিনৰ আধা অংশ স্পর্শ কৰি যাব বুলি সংবাদ
মাধ্যমে প্রকাশ কৰিছে৷ আগন্তুক ২০২৫ চনৰ ভিতৰতে নতুনকৈ ১৬০০ কিলোমিটাৰ
ৰে’ললাইন নির্মাণ কৰাৰ চিন্তা–চর্চা চলাইছে তিব্বত প্রশাসনে৷ ইয়াৰ বৃহৎ
অংশটোৱেই আকছাই চিনৰ ওপৰেৰে যাব৷ এই ৰে’ললাইন নির্মাণৰ পূর্বে লাডাখ
সীমান্তত সেনাৰ টহলদাৰীও বৃদ্ধি কৰিছে বেইজিং প্রশাসনে৷ কিছুদিন পূর্বে
ভাৰতৰ সেনাপ্রধান জেনেৰেল মনোজ পাণ্ডেয়েও সেই কথা স্বীকাৰ কৰিছিল৷ অর্থাৎ
চীনৰ এই পৰিকল্পনাৰ কথা নতুন দিল্লীৰ বাবে অজ্ঞাত নহয়৷ তৎসত্ত্বেও
প্রতিবেশী দেশখনৰ এনে কার্যক বাধা দিবলৈ কোনোধৰণৰ পদক্ষেপ গ্রহণ কৰা নাই
ভাৰতে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে আকছাই চীন সন্দর্ভত ভাৰতৰ স্থিতি
পূর্বেই স্পষ্ট কৰা হৈছে৷ সেই ভূখণ্ডক ভাৰতে অবিচ্ছেদ্য অংশ বুলি মানি
লয়৷ এতিয়া এই আকছাই চীনৰ ওপৰেৰে ৰে’ললাইন নির্মাণ কৰি আছে বেইজিং
প্রশাসনে৷ স্বাভাৱিকতেই বিষয়টোক লৈ নতুন দিল্লী প্রশাসনে প্রতিক্রিয়া
প্রকাশ কৰিব লাগিছিল যদিও তাৎক্ষণিকভাৱে বিষয়টো সন্দর্ভত কোনো মন্তব্য
আগবঢ়োৱা নাই ভাৰতৰ বিদেশ দপ্তৰে৷ বিশেষজ্ঞ মহলে বিভিন্ন সময়ত মন্তব্য কৰি
আহিছে যে নতুন দিল্লী প্রশাসনে চীনক লৈ যিমানেই অসন্তুষ্টি প্রকাশ নকৰক
কিয়, সীমান্তত প্রতিবেশী ৰাষ্ট্রখনৰ কূট–কৌশলক বাধা দিয়াৰ ক্ষেত্রত
কোনোদিনে ব্যৱস্থা গ্রহণ কৰা নাই ভাৰতে৷ শেহতীয়াকৈ লেহ আৰু লাডাখৰ আৰক্ষী
বিষয়া পি ডি নিত্যই লাডাখ সীমান্তৰ পৰিস্থিতিৰ সন্দর্ভত বিস্ফোৰক
প্রতিবেদন দাখিল কৰিছে নতুন দিল্লী প্রশাসনৰ হাতত৷ বিষয়াগৰাকীৰ প্রতিবেদন
অনুসৰি লাডাখ ফ্রণ্টিয়াৰ অঞ্চলত এই মুহূর্তত ভাৰতৰ নিৰাপত্তাৰক্ষীৰ
অৱস্থান সন্তোষজনক নহয়৷ লাডাখ ফ্রণ্টিয়াৰ মুঠ ৬৫টা পেট্র’লিং পইণ্টৰ
ভিতৰত ২৬টাত নিয়ন্ত্রণ হেৰুৱাইছে ভাৰতে৷ গতিকে চীনৰ তৎপৰতা সীমান্তত
প্রতিদিনে বৃদ্ধি পাই আছে৷ ইয়াৰ মাজতে নতুন ৰে’ললাইন নির্মাণৰ বিষয়টোক লৈ
বিশেষজ্ঞ মহলত বৃদ্ধি পাইছে উদ্বেগ৷

You might also like