নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক মন্ত্রীৰ ঘোষণা: আমি দেউলীয়া দেশৰ বাসিন্দা

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী:  দেশত এক লিটাৰ গাখীৰৰ দাম ২৫০ টকা৷ এসময়ত প্রতিসাঁজ খাদ্যৰ লগত আছিল মুর্গীৰ মাংস৷ এতিয়া সেই মুর্গীৰ মাংসৰ প্রতি কিলোগ্রামৰ দাম ৭৮০ টকা৷ এনে পৰিস্থিতিত দেশখনৰ চৰকাৰে নিজকে দেউলীয়া বুলি ঘোষণা কৰিবলগীয়া হৈছে৷ ভাৰতৰ প্রতিৱেশী পাকিস্তানত এতিয়া এই সংকট চলি আছে৷ শেহতীয়াকৈ পাকিস্তানৰ প্রতিৰক্ষা মন্ত্রীয়ে উল্লেখ কৰিছে যে দেশখন এতিয়া দেউলীয়া৷ গতিকে নাগৰিকসকলে নিজৰ ভৰিত নিজে থিয় দিবলৈ শিকিব লাগে বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে৷ শিয়ালকোটত এক সন্মিলনত পাকিস্তানৰ প্রতিৰক্ষা মন্ত্রী তথা পাকিস্তান মুছলিম লীগ (এমএন)ৰ নেতা খাৱাজা আছিফে ঘোষণা কৰে যে ঋণত ডুবি আছে পাকিস্তান৷ আর্থিক সংকট চৰম পর্যায়লৈ গৈছে৷ গতিকে এই পৰিস্থিতিত নাগৰিকসকলে নিজৰ ভৰিত নিজেই থিয় দিব লাগিব৷ কোনোধৰণৰ লুক–ঢ়াক নকৰাকৈ মন্ত্রীগৰাকীয়ে কয়– আমি এতিয়া দেউলীয়া দেশৰ বাসিন্দা৷ সাধাৰণ মানুহে উল্লেখ কৰি আছে যে পাকিস্তান দেউলীয়া হ’বলৈ গৈ আছে৷ কিন্তু ইতিমধ্যে দেশখন দেউলীয়া হৈছে৷ চৰকাৰে এতিয়া সংকটৰ মোকাবিলা কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ‘

You might also like