নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা দেশজুৰি বলৱৎ নাগৰিকত্ব সংশোধনী আইন

নাগৰিকত্ব সংশোধনী আইন বলৱৎ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ আজিৰে পৰা কাৰ্যকৰী হৈছে নাগৰিকত্ব সংশোধনী আইন ২০১৯। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ৰাজপত্ৰিত জাননীযোগে আজিৰে পৰা কাৰ্যকৰী কৰিছে এই সংশোধনী আইনখন। গৃহ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব অনিল মালিকে জাৰি কৰা এই ৰাজপত্ৰিত জাননী অনুসৰি আজিৰে পৰা দেশৰ প্ৰতিখন ৰাজ্যতে নাগৰিকত্ব সংশোধনী আইন ২০১৯ কাৰ্যকৰী হ’ব। উল্লেখ্য যে যোৱা বৰ্ষৰ ১০ ডিচেম্বৰত ৰাজ্যসভাত গৃহীত হৈছিল এই সংশোধনী বিধেয়কখন৷ ১২ ডিচেম্বৰত এই বিধেয়কত ৰাষ্ট্রপতিয়ে স্বাক্ষৰ কৰাৰ পাছত আইনত পৰিণত হৈছিল নাগৰিকত্ব সংশোধনী বিধেয়কখন৷ উল্লেখ্য যে দেশৰ নাগৰিকত্ব আইন, ১৯৫৫ৰ অনুচ্ছেদ ২ (১) (বি)ৰ সংশোধনী আনি চুবুৰীয়া ৰাষ্ট্র পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, পার্চী, জৈন আৰু খ্রীষ্টান লোকসকলক নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত লোৱা হয়৷ অৱশ্যে নাগৰিকত্ব সম্পর্কীয় বিধি–নিয়ম এইপর্যন্ত চূড়ান্ত হোৱা নাই আৰু নাগৰিকত্ব বিধি–নিয়ম ২০০৯ৰ সংশোধনীৰ জৰিয়তেহে এই বিধি–নিয়ম প্রস্তুত হৈ উঠিব৷ উল্লেখ্য যে আজিৰে পৰা কার্যকৰী হোৱা এই সংশোধনী আইনখনক প্রত্যাহ্বান জনাই                            ইতিমধ্যে উচ্চতম ন্যায়ালয়ত দেশৰ বহুকেইটা ৰাজনৈতিক দল, সাংসদ, বিধায়ক, বিভিন্ন অৰাজনৈতিক সংগঠন আৰু নাগৰিক সমাজে গোচৰ ৰুজু কৰিছে৷ সম্প্রতি এই বিষয়টো সর্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে৷ উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পাছৰে পৰা ইয়াৰ প্রতিবাদত দেশজুৰি ধাৰাবাহিক আন্দোলন অব্যাহত আছে৷ অসমতো ধাৰাবাহিকভাৱে এই আইনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত হৈ আহিছে৷ সদৌ অসম ছাত্র সন্থা, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্রত শইকীয়া, অসম গণ পৰিষদ দল, অসম জমিয়ত–উলেমা–হিন্দ আদিয়েও উচ্চতম ন্যায়ালয়ত এই আইনখনক প্রত্যাহ্বান জনাইছে৷ এনে অৱস্থাত আজি কেন্দ্রীয় গৃহ মন্ত্রালয়ে ৰাজপত্রিত জাননী জাৰি কৰাৰ পাছত ৰাজ্য চৰকাৰসমূহে এই আইনৰ অধীনত নাগৰিকত্ব প্রদানৰ প্রক্রিয়া আৰম্ভ কৰাৰ সাংবিধানিক সুবিধা লাভ কৰিলে ৷