নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ আজি পুৱাই ঠিক ৫.৩০ বজাত তিহাৰ কাৰাগাৰত নিৰ্ভয়া কাণ্ডৰ চাৰি নৰপিশাচ পৱন, অক্ষয়, মুকেশ আৰু বিনয়ক ফাঁচি দিয়া হ’ল । ইপিনে ফাঁচি হোৱাৰ পাছতে নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে দেশবাসীক ধন্যবাদ জনায় ।
তেওঁ কয়- “আজি মোৰ কন্যাৰ ফটো সাৱতি লৈ তাইক ক’লো- আজি তুমি ন্যায় পালা । মই মোৰ কন্যাৰ ওপৰত গৌৰৱ কৰোঁ । যদি আজি তাই থাকিল হেতেন তেন্তে মই আজি এগৰাকী ডাক্তৰৰ মাতৃ বুলি পৰিচয় লাভ কৰিলো হেতেন ।”
ইফালে চাৰি দোষীৰ ফাঁচিৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁ নিজ কন্যাক কেতিয়াও ঘূৰাই নাপালেও, এই ন্যায়ৰ যুঁজৰ ইমানতে সামৰণি নকৰি দেশৰ অন্য যুৱতীসকলৰ বাবে যুঁজ দি যাম বুলি মন্তব্য কৰে ৷ লগতে আজিৰ পৰা দেশৰ সকলো যুৱতীয়ে নিজে নিজে সুৰক্ষিত বুলি অনুভৱ কৰিব বুলিও তেওঁ মন্তব্য কৰে।