নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ঝাৰখণ্ডত প্রথম পর্যায়ৰ ১৩টা সমষ্টিৰ নির্বাচন

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ পাঁচটা পর্যায়ত অনুষ্ঠিত হ’ব লগা ঝাৰখণ্ড বিধানসভা নির্বাচনৰ আজি প্রথম পর্যায়ৰ নির্বাচন ৷ এই পর্যায়ত ১৩টা সমষ্টিৰ ১৮৯জন প্রার্থীৰ ভাগ্য নির্ণয় হ’ব ৷ প্রথম পর্যায়ৰ নির্বাচনত ১৩খন আসনৰ ১২খন আসনতে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপিয়ে ৷ আনখন আসনত প্রতিদ্বন্দ্বিতা কৰা নির্দলীয় বিনোদ সিঙক সমর্থন কৰিছে বিজেপিয়ে ৷ আনহাতে, বিৰোধী মিত্রজোঁটৰ দল জে এম এম, কংগ্রেছ আৰু আৰ জে ডিয়ে ক্রমে চাৰিখন, ছখন আৰু তিনিখন আসনত প্রতিদ্বন্দ্বিতা কৰিছে ৷ উল্লেখ্য যে ৫টা পর্যায়ত অনুষ্ঠিত হ’ব লগা ঝাৰখণ্ড বিধানসভা নির্বাচনৰ ফলাফল অহা ২৩ ডিচেম্বৰত ঘোষণা কৰা হ’ব ৷ ইফালে, মাওবাদীৰ কূটাঘাতমূলক কার্যৰ সম্ভাৱনালৈ লক্ষ্য ৰাখি নির্বাচন উপলক্ষে ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷

You might also like