নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি তিহাৰ জে’লত ফাঁচিৰ আখৰা পৱন জল্লাদৰ

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ নির্ভয়া গণধর্ষণ আৰু হত্যাকাণ্ডত দোষী সাব্যস্ত হোৱা চাৰিজনকৈ যুৱকক অহা ১ ফেব্রুৱাৰী ফাঁচিৰ দিন নির্ধাৰণ কৰিছে আদালতে৷ তিহাৰ কাৰাগাৰ কর্তৃপক্ষই জনোৱা মতে, এই ফাঁচি কার্য সম্পন্ন কৰাৰ পূর্বে আজি কাৰাগাৰত পৱন জল্লাদৰ দ্বাৰা ফাঁচিৰ আখৰা সম্পন্ন কৰিব৷ উল্লেখ্য যে উত্তৰ প্রদেশৰ জল্লাদ পৱনে নির্ভয়া কাণ্ডৰ অভিযুক্তক ফাঁচি দিয়াৰ বাবে ইতিমধ্যে তিহাৰ জে’লতে আছে৷ চাৰিজনকৈ অভিযুক্তক ফাঁচি দিবৰ বাবে সম্পূর্ণৰূপে সাজু আছে বুলিও পৱন জল্লাদে জনায়৷ ইয়াৰ পূর্বে পৱনে কৈছিল যে নির্ভয়া গোচৰত অভিযুক্ত চাৰিওজন মানুহ নহয়, তেওঁলোক পশুতুল্য৷

You might also like