আঠ কোটি জনসংখ্যাৰ চীনা প্ৰদেশ জিয়াংছুত মাত্ৰ ১৭জন দৰিদ্ৰ লোক
বেইজিং প্ৰশাসনৰ তথ্যক লৈ তীব্ৰ বিতৰ্ক
নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ দৰিদ্রতা দূৰীকৰণৰ ক্ষেত্রত নজিৰবিহীন সফলতা লাভ কৰা বিশ্বৰ আটাইতকৈ জনবহুল দেশ চীনৰ এখন প্রদেশত মাত্র ১৭জন দাৰিদ্র্যপীড়িত লোক থকা বুলি তথ্য প্রকাশ পোৱাৰ পাছতে সৃষ্টি হৈছে তীব্র বিতর্ক৷ চৰকাৰৰ নতুন তথ্য অনুসৰি ৮০ নিযুত অর্থাৎ ৮ কোটি জনসংখ্যাৰ প্রদেশ জিয়াংছুৰ মাত্র ১৭গৰাকী লোকহে দাৰিদ্র্যপীড়িত বুলি প্রকাশ পাইছে৷ প্রদেশখনৰ ২.৫৪ নিযুত দাৰিদ্র্যপীড়িত লোকৰ ৯৯.৯ শতাংশতকৈ অধিকক চৰকাৰে দৰিদ্রতাৰ পৰা মুক্ত কৰিবলৈ সক্ষম হোৱা বুলি সদৰী কৰিছে৷ এই তথ্য অনুসৰি ১৭জন লোকক সামৰি থকা ৬টা পৰিয়াল মাত্র দৰিদ্রতাৰ কবলত আছে প্রদেশখনত৷ লক্ষণীয়ভাৱে প্রদেশখনৰ মুঠ আভ্যন্তৰীণ উৎপাদন ৭.২ ত্রিলিয়ন য়ুৱান অর্থাৎ ১ লাখ কোটি ডলাৰ হিচাপে দেখুওৱা হৈছে৷ চীনৰ দ্বিতীয় বৃহত্তম জনবহুল প্রদেশখনত দৰিদ্রতা নির্মূলৰ ক্ষেত্রত চৰকাৰ সফল হোৱা বুলি নতুন প্রতিবেদনত দাবী কৰা হৈছে৷ স্মর্তব্য যে বেইজিং প্রশাসনে সদৰী কৰা অনুসৰি ২০১৮ৰ শেষত চীনে ১৬.৬ নিযুত গ্রামাঞ্চলৰ লোকক দৰিদ্রতাৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে।