নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদিত্য নাথক হিটলাৰৰে তুলনা শিৱসেনাৰ

নিয়মীয়া বাৰ্তা, ২৫ মেঃ মহাৰাষ্ট্রৰ শাসকীয় দল শিৱসেনাই প্রব্রজিত শ্রমিকৰ সংকটৰ বিষয় লৈ পুনৰ বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰিছে৷ দলটোৰ মুখপত্র ‘সামনা’ৰ সম্পাদকীয় স্তম্ভত উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী তথা বিজেপি নেতা যোগী আদিত্যনাথক ক্ষুৰাধাৰ সমালোচনা কৰা হৈছে৷ শিৱসেনাৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউটে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথক প্রব্রজিত শ্রমিকৰ সংকট সৃষ্টিৰ বাবে কুখ্যাত জার্মান ফেচীবাদী নেতা হিটলাৰৰ সৈতে তুলনা কৰিছে৷ আনকি প্রব্রজিত শ্রমিকৰ সংকটক ১৯৯০ৰ দশকৰ জম্মু–কাশ্মীৰৰ পৰা পণ্ডিত সম্প্রদায়ৰ লোকসকলৰ পলায়নৰ ঘটনাৰ সৈতেও তুলনা কৰিছে সঞ্জয় ৰাউটে৷ লক্ষণীয়ভাৱে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই ক’ৰোনা ভাইৰাছ মহামাৰীৰ সময়ত এই বিষয়টোক লৈ সকলোকে ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱাৰ মাজতে ৰাউটে যোগী আদিত্যনাথক ক্ষুৰধাৰ সমালোচনা কৰি পৰিস্থিতি উত্তাল কৰিছে৷

You might also like