নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ নির্বাচনলৈ মাজত মাত্র তিনিটা দিন বাকী থকা অৱস্থাত দিল্লীৰ প্রচাৰ অভিযান তুংগত উঠিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত বিজেপি আৰু ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্রেছ দলে মঙলবাৰে ৰাজধানী চহৰখনত পৃথক নির্বাচনী সভা সম্বোধন কৰে৷
দ্বাৰকাত এক নির্বাচনী সভাত মোদীয়ে কয় যে শাসনাধিষ্ঠিত আম আদমী পার্টীয়ে ঘৃণাৰ ৰাজনীতি কৰিছে আৰু দিল্লীক এতিয়া এখন সুস্থিৰ চৰকাৰৰ প্রয়োজন আছে৷
ইফালে, ৰাহুলে আপ আৰু বিজেপি চৰকাৰৰ নীতিক সমালোচনা কৰে৷