আফ্ৰিকাৰ পৰা আহি আছে চিতা
নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ উচ্চতম ন্যায়ালয়ে ভাৰতৰ অভয়াৰণ্যৰ কাৰণে আফ্ৰিকাৰ চিতাক সংস্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয় নামবিয়াৰ পৰা ভাৰতৰ মধ্যপ্ৰদেশস্থিত নৌৰাদেহী অভয়াৰণ্যত চিতা সংস্থাপন কৰাৰ বিৰোধী নহয়। ন্যায়ালয়ে লগতে কয় যে বাঘ আৰু চিতাৰ মাজত সংঘাতৰ কোনো ধৰণৰ কোনো তথ্য নাই।
উল্লেখ্য যে দেশত এতিয়া চিতা নাই। ১৯৪৮ চনত ভাৰতৰ অভয়াৰণ্যত অন্তিম বাৰৰ বাবে চীতা দেখা পোৱা গৈছিল আৰু চৰকাৰে ১৯৫২ চনত এই বন্যজীৱক বিলুপ্তি বুলি ঘোষণা কৰিছিল। এতিয়া কেন্দ্ৰ চৰকাৰে চিতাৰ প্ৰজাতিক ভাৰতত পুনসংস্থাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। ২০১০ বৰ্ষত কেন্দ্ৰই মধ্যপ্ৰদেশ চৰকাৰক চিতাৰ কাৰণে অভয়াৰণ্য তৈয়াৰ কৰিবলৈ কৈছিল।
নামবিয়াৰ পৰা ভাৰতত সংস্থাপন চিতা মধ্যপ্ৰদেশৰ নৌৰাদেহী অভয়াৰণ্যত কৰা হ’ব।