নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ আমেৰিকাৰ জনপ্রিয় দৈনিক কাকতত ভাৰতবিৰোধী বিজ্ঞাপন প্রকাশ পোৱা ঘটনাক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷ ‘দ্য ৱাল ষ্ট্রীট জার্নাল’ৰ প্রথম পৃষ্ঠাত প্রকাশিত এই বিজ্ঞাপনত অভিযোগ কৰা হৈছে যে ভাৰতত বর্তমান সময়ত বিনিয়োগৰ পৰিৱেশ নাই৷ কেন্দ্রীয় সংস্থাবোৰক বিপুল ক্ষমতা প্রদান কৰি ৰাখিছে মোদী চৰকাৰে৷ ইয়াৰ সৈতে এই দাবীও কৰা হৈছে যে অন্ততঃ ১২গৰাকী ভাৰতীয় পদাধিকাৰীৰ আমেৰিকা তথা ইয়াৰ মিত্র দেশবোৰত প্রৱেশ অধিকাৰ নিষিদ্ধ কৰা উচিত৷ নিষিদ্ধ হ’বলগীয়া শীর্ষ পদাধিকাৰীসকলৰ তালিকাত আছে বিত্তমন্ত্রী নির্মলা সীতাৰমণো৷ এনে এক বিজ্ঞাপনক লৈ এতিয়া ভাৰতজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ ভাৰতীয় লোকসকলে সংবাদ পত্রখনৰ সম্পাদকক শীঘ্রে এনে কার্যৰ বাবে ক্ষমা বিচাৰিবলৈ দাবী জনাইছে৷ কালি প্রকাশ পাইছে এই বিজ্ঞাপন৷ উল্লেখনীয় যে এই মুহূর্তত বিত্তমন্ত্রী নির্মলা সীতাৰমণ আমেৰিকাতেই আছে৷ নির্মলাৰ উপস্থিতিৰ বিষয়টো লক্ষ্য কৰিয়েই এই বিজ্ঞাপন প্রকাশ কৰা বুলি অভিযোগ আনিছে নতুন দিল্লী প্রশাসনে৷