নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ মন্তব্যক লৈ প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ মুৰব্বী মোহন ভাগৱতে হায়দৰাবাদত এক কার্যসূচীত অংশগ্রহণ কৰি কয় যে ভাৰত এখন পৰম্পৰাগতভাৱে হিন্দুত্ববাদী ৰাষ্ট্র৷ আৰএছএছে ভাৰতৰ ১৩০ কোটি জনসংখ্যাক হিন্দু সমাজ হিচাপে স্বীকৃতি দি আহিছে বুলিও নেতাগৰাকীয়ে উল্লেখ কৰে৷

বিভিন্ন ধর্ম আৰু সংস্কৃতিৰ লোক দেশত থাকিলেও সমগ্র দেশকে আৰএছএছে হিন্দু সমাজ হিচাপে গণ্য কৰি অহা বুলি ভাগৱতে মন্তব্য কৰাৰ পিছতে বিভিন্ন মহলে প্রকাশ কৰিছে প্রতিক্রিয়া৷

ভাগৱতৰ এই মন্তব্যৰ পিছত এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে উল্লেখ কৰিছে যে তেলেংগানাত যেতিয়ালৈকে কে চন্দ্রশেখৰ ৰাও থাকিব, তেতিয়ালৈকে বিজেপি আৰু আৰএছএছৰ সন্মুখত সৃষ্টি হ’ব প্রত্যাহ্বান৷

ইফালে, স্থলসেনাৰ মুৰব্বী বিপিন ৰাৱাটে বিশ্ববিদ্যালয়সমূহ চলি থকা ‘কা’বিৰোধী প্রতিবাদী কার্যসূচী সন্দর্ভত এয়া নেতৃত্ব নহয় বুলি কৰা মন্তব্যক লৈও প্রতিক্রিয়া প্রকাশ কৰিছে ওৱেইছিয়ে৷ নেতাগৰাকীৰ মতে, তেলেংগানাত আৰএছএছ–বিজেপিৰ ষড়যন্ত্র ব্যর্থ হ’ব৷

You might also like