নিয়মীয়া বাৰ্তা,৩০ জানুৱাৰীঃ দেশজুৰি নাগৰিকত্ব সংশোধনি আইনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন চলি থকাৰ মাজতে আজি ৰাজধানী দিল্লীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ।
জাতীৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱস উপলক্ষ্যে জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজঘাটলৈ উলিওৱা এক সমদলক লক্ষ্য কৰি এজন যুৱকে গুলীবৰ্ষণ কৰে । য’ত গুলীবৰ্ষণত ছাদাব আলম নামৰ এজন যুৱক আহত হয় । ইপিনে আহত যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । অৱশ্যে পাছত অভিযুক্ত যুৱকজনক আৰক্ষীয়ে আটক কৰে ।
উল্লেখ্য যে চাহিন বাগৰ পৰা ৰাজঘাটলৈ উলিওৱা হৈছিল এই প্ৰতিবাদী সমদল । ইফালে আৰক্ষীয়ে এই সমদল বাহিৰ কৰাৰ অনুমতি প্ৰদান কৰা নাছিল ।
#UPDATE Delhi Police: Man, who brandished the gun and opened fire in Jamia area, has been taken into custody. He is being questioned. The injured, said to be a student, has been admitted to a hospital. Investigation is continuing. https://t.co/6Mh2021fyw
— ANI (@ANI) January 30, 2020