নিয়মীয়া বার্তা, ১ জুনঃ আৰব সাগৰৰ ভাৰতীয় পশ্চিম উপকূলত নিম্ন চাপৰ সৃষ্টি হৈছে৷ এই নিম্ন চাপে ঘূর্ণি বতাহৰ সৃষ্টি কৰিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী জাৰি কৰিছে৷ আৰব সাগৰত সৃষ্ট এই ঘূর্ণি বতাহে মহাৰাষ্ট্র আৰু গুজৰাটত প্রবল বৰষুণ দিব আৰু ঘূর্ণি বতাহে দুয়োখন ৰাজ্যক কোবাই যাব৷
পৰৱর্তী ২৪ ঘণ্টাৰ পিছতে ঘূর্ণি বতাহ উপকূলীয় অঞ্চলত প্রৱেশ কৰি ২৪ ঘণ্টালৈ সংহাৰী ৰূপ ল’ব পাৰে বুলিও বতৰ বিজ্ঞানে প্রকাশ কৰিছে৷ কিছুদিন পূর্বে কালঘূর্ণি উম্পুনে পশ্চিমবংগ আৰু ওড়িশাৰ উপকূলীয় অঞ্চলক তচনচ কৰি যোৱাৰ পিছত পুনৰ আন এক ঘূর্ণি বতাহে সংহাৰী ৰূপ ল’ব পাৰে৷