নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইছৰ’ৰ সফলতা, উৎক্ষেপন ১৪টা কৃত্ৰিম উপগ্ৰহ

বাণিজ্যিক ব্যবহাৰৰ বাবে উৎক্ষেপন উপগ্ৰহকেইটা

মহানগৰ, ২৭ নৱেম্বৰঃ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ উৎক্ষেপন কেন্দ্ৰৰ পৰা আজি ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰই ১৪টাকৈ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন কৰে। কাৰ্টোছেট-৩ নামৰ কৃত্ৰিম উপগ্ৰহটোৰ লগতে আন ১৩টা ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপন কৰে ইছৰ’ই। কাৰ্টোছেট-৩ নামৰ উপগ্ৰহটোৰ জৰিয়তে নগৰ উন্নয়ণ, গ্ৰাম্য সম্পদ, উপকুলীয় ভূমি ব্যৱহাৰৰ তথ্য আহৰণ কৰা হ’ব। আজি পুৱা ৯ বাজি ২৭ মিনিটত PSLV বাহনৰ জৰিয়তে উপগ্ৰহকেইটা উৎক্ষেপন কৰা হয়। কাৰ্টোছেট-৩ নামৰ উপগ্ৰহটোৰ জৰিয়তে নগৰ উন্নয়ণ, গ্ৰাম্য সম্পদ, উপকুলীয় ভূমি ব্যৱহাৰ আদি সম্পৰ্কত তথ্য সংগ্ৰহ কৰিব। আনহাতে আন ১৩টা উপগ্ৰহ সম্পূৰ্ণ বাণিজ্যিক ব্যবহাৰৰ বাবে উৎক্ষেপন কৰিছে ইছৰ’ই।