নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ই-ছিগাৰেট সেৱন কৰা সকল সাৱধান জেল হ’ব পাৰে ১-৩ বছৰ

নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ যদি আপোনাৰ হাতত ই-ছিগাৰেট আছে তেন্তে সাৱধান। চৰকাৰে এতিয়াৰে পৰা কোনো ধৰণৰ অনুমতি নোহোৱাকৈ আপোনাক তালাচী চলাব পাৰে আৰু যদি ই- ছিগাৰেট জব্দ কৰা হয় তেতিয়া আপোনাৰ ১-৩ বছৰ শাস্তি হোৱাৰ উপৰিও ১-৫ লাখ টকা পৰ্যন্ত জৰিমণা হ’ব পাৰে।

আজি লোকসভাত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০হৰ্ষবৰ্ধনে ই-ছিগাৰেটৰ প্ৰতিবন্ধক বিল খন উত্থাপন কৰা হৈছে। এই বিলত ই-ছিগাৰেটৰ উতপাদন,ক্ৰয়, বিক্ৰয়ৰ লগতে ইয়াৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ ক্ষেত্ৰটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
উল্লেখ্য যে গৃহ মন্ত্ৰালয়ে যোৱা ছেপ্টেম্বৰ মাহত সকলো ৰাজ্যতে ই-ছিগাৰেট বন্ধ কৰিলৈ নিৰ্দেশ প্ৰদান কৰিছিল। বিশেষকৈ স্বাস্থ্যত ইয়াৰ বিৰূপ প্ৰভাৱ পৰা বাবে ইয়াক বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

You might also like