নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক কেন্দ্র কৰি উত্তৰ প্রদেশত সংঘটিত হিংসাত্মক ঘটনাত আৰক্ষীৰ সৈতে হোৱা সংঘর্ষত প্রাণ হেৰুওৱালে মুঠ ১৯জনে৷ আৰক্ষীৰ সূত্রত প্রকাশ পোৱা মতে হিংসাত্মক প্রতিবাদৰ সময়ত সমাজকর্মী আৰু কংগ্রেছ নেতা ছাদাফ জাফৰ আৰু বিশিষ্ট নাট্যকর্মী দীপক কবীৰকে ধৰি মুঠ ১,১১৩জন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ প্রতিবাদৰ সময়ত সৃষ্টি কৰা হিংসাত্মক পৰিৱেশৰ বাবে ৫,৫৫৮জন লোকক আটক কৰা হৈছিল৷ ‘কা’বিৰোধী সংঘর্ষত ৩৫১জন আৰক্ষী জোৱানো আহত হ’বলগীয়া হয়৷ এই সময়ছোৱাত আৰক্ষীয়ে বিভিন্ন প্রতিবাদস্থলীৰ পৰা ৩৫টা অবৈধ মাৰণাস্ত্র জব্দ কৰে, যিসমূহ আৰক্ষীৰ ওপৰত আক্রমণৰ বাবে ব্যৱহাৰ কৰা হৈছিল