নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশত নিয়োগ পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত নজিৰবিহীন অব্যৱস্থা প্রশাসনৰ

নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰ: উত্তৰ প্রদেশ মানেই যেন সকলোতে বিতর্ক৷ নিয়োগ পৰীক্ষাক কেন্দ্র কৰি যোগী আদিত্যনাথৰ ৰাজ্যত সৃষ্টি হ’ল নজিৰবিহীন অস্থিৰতা৷ নিয়োগ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা দেখিবলৈ পোৱা নগ’ল উত্তৰ প্রদেশত৷ অভিযোগ অনুসৰি, বিপুলসংখ্যক পৰীক্ষার্থীৰ যাতায়াতৰ বাবে কোনোধৰণৰ ব্যৱস্থা নকৰিলে ৰাজ্যৰ প্রশাসনে৷ ইয়াৰ ফলত নিবনুৱা যুৱক–যুৱতী তথা নিয়মীয়া যাত্রীসকল চৰম যন্ত্রণাৰ সন্মুখীন হ’বলগীয়া হয়৷ যোৱা শনি আৰু দেওবাৰে উত্তৰ প্রদেশ ছাব অর্ডিনেট ছাভিচেছ ছিলেকচন কমিছন (ইউপিএছএছএছচি)ৰ গ্রুপ–চি আৰু গ্রুপ–ডিৰ নিয়োগ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল৷ কমপক্ষেও ৩৭,৫৮,০০০ নিবনুৱা যুৱক–যুৱতীয়ে পৰীক্ষাৰ বাবে আবেদন কৰিছিল৷ কিন্তু এই পৰীক্ষার্থীসকলে পৰীক্ষা কেন্দ্রলৈ যোৱাৰ ক্ষেত্রত তীব্র সংকটৰ সন্মুখীন হ’বলগীয়া হয়৷ নিশাৰ পৰা দূৰৈৰ পৰীক্ষার্থীসকলে বাছ টার্মিনাছ, ৰে’ল ষ্টেচনত ভিৰ কৰিবলৈ ধৰে৷ কিন্তু যাতায়াতৰ বাবে অতিৰিক্ত বাহন নথকাৰ ফলত বহু পৰীক্ষার্থীয়ে ষ্টেচনতে কটাবলগীয়া হয়৷ নিয়োগ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রত যোগী চৰকাৰৰ প্রশাসনৰ অকর্মণ্যতা স্পষ্ট হৈ পৰে৷

You might also like