নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশত প্রৱেশ নিষিদ্ধ টিএমচি নেতাৰ

আৰক্ষীপ্রধান অ’পি সিঙৰ ঘোষণা

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ নাগৰিকত্ব (সংশোধনী) আইনক লৈ বিক্ষোভত জ্বলি থকা উত্তৰ প্রদেশত তৃণমূল কংগ্রেছ (টিএমচি)ৰ কোনো নেতাক প্রৱেশৰ অনুমতি নিদিয়ে প্রশাসনে ৷ দেওবাৰে ৰাজ্যখনৰ আৰক্ষীপ্রধান অ’পি সিঙে ঘোষণা কৰিছে এই কথা ৷ বিক্ষোভত উত্তপ্ত হৈ থকা ৰাজ্যখনৰ বিভিন্ন স্থানত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে বুলি এখন সংবাদ মেলত ঘোষণা কৰি আৰক্ষীপ্রধানগৰাকীয়ে কয় যে সকলো জিলাতে প্রয়োজনীয়সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে ৷ ইয়াৰ উপৰি অর্ধ–সেনা, ৰেপিড একচন বাহিনী (আৰএএফ), পিএছচি আদি বিভিন্ন বাহিনীৰ জোৱান প্রতিখন জিলাতে মোতায়েন কৰা হৈছে বুলি আৰক্ষীপ্রধানগৰাকীয়ে সংবাদ মেলত ঘোষণা কৰে ৷ জনসাধাৰণক শান্তি–শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনোৱাৰ উপৰি পশ্চিমবংগৰ তৃণমূল কংগ্রেছৰ কোনো নেতাকে প্রৰোচনামূলক মন্তব্য আগবঢ়োৱাৰ বাবে উত্তৰ প্রদেশত প্রৱেশৰ সুযোগ নিদিয়ে বুলিও স্পষ্ট কৰি দিছে আৰক্ষীপ্রধান অ’পি সিঙে ৷

You might also like