নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নাও ধর্ষণ গোচৰ : দোষী সাব্যস্ত নিলম্বিত বিজেপি বিধায়ক কুলদীপ সেনগাৰ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ উত্তৰপ্রদেশৰ উন্নাও জিলাত দুবছৰ পূর্বে শিশুক অপহৰণ আৰু ধর্ষণৰ গোচৰত নিলম্বিত বিজেপি বিধায়ক কুলদীপ সেনগাৰ দোষী সাব্যস্ত হৈছে ৷ দিল্লীৰ জিলা ন্যায়াধীশে উন্নাও ধর্ষণ গোচৰত বিধায়ক কুলদীপ সেনগাৰক দোষী সাব্যস্ত কৰাৰ বিপৰীতে দ্বিতীয়জন অভিযুক্ত শশী সিঙক গোচৰৰ পৰা ৰেহাই দিয়া হৈছে ৷

দোষী সাব্যস্ত বিধায়ক সেনগাৰৰ শাস্তি আজি ঘোষণা কৰা হ’ব বুলি আদালতে প্রকাশ কৰিছে ৷ উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নির্দেশনামর্মে লক্ষ্ণৌ আদালতৰ পৰা ধর্ষণৰ গোচৰটো দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল আৰু দিল্লীৰ জিলা ন্যায়াধীশ ধর্মেশ শর্মাই যোৱা ৫ আগষ্টৰ পৰা হোৱা দিনভিত্তিক গোচৰটোৰ শুনানি লৈছিল ৷

দেশজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰা উন্নাওৰ শিশুক ধর্ষণৰ অপৰাধত বিধায়ক কুলদীপ সেনগাৰক গ্রেপ্তাৰ কৰাৰ পাছতেই বিজেপিয়ে দলৰ পৰা নিলম্বন কৰিছিল ৷ দুবছৰ ধৰি চলি থকা গোচৰটোৰ সময়ত বিধায়ক সেনগাৰে প্রশাসনক বিপথে পৰিচালিত কৰি ক্ষমতাৰ জৰিয়তে নিজক মুক্ত কৰিব বিচৰাৰ লগতে নিপীড়িতৰ পৰিয়ালক ভয়–ভাবুকি দিছিল ৷ আৰক্ষীয়ে এই সন্দর্ভত গোচৰ ৰুজু কৰা নাছিল যদিও বিগত বর্ষত নিপীড়িতই ঘটনাটো ৰাজহুৱা কৰাৰ পাছতেই আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছিল ৷

লক্ষণীয় যে নিপীড়িতই মুখ্যমন্ত্রী যোগী আদিত্য নাথৰ লক্ষ্ণৌৰ বাসভৱনৰ বাহিৰত প্রতিবাদ কৰিছিল ৷ এই প্রতিবাদৰ সময়ত মুখ্যমন্ত্রীগৰাকীয়ে নিপীড়িতৰ দাবীক যদি গুৰুত্ব নিদিয়ে, তেতিয়াহ’লে আত্মজাহৰ ভাবুকি দিছিল ৷ লক্ষ্ণৌ আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ পাছত বিধায়ক সেনগাৰৰ পৰা নিপীড়িতৰ লগতে পৰিয়ালৰ সদস্যৰ জীৱনৰ ভাবুকি হোৱা বুলি উচ্চতম ন্যায়ালয়ক লিখিতভাৱে জনাইছিল ৷

এইক্ষেত্রত নিপীড়িতই যোৱা ৭ আৰু ৮ জুলাইত বিধায়ক সেনগাৰ আৰু সংগীয়ে মৃত্যুৰ ভাবুকি দিয়া বুলি উল্লেখ কৰিছিল ৷ উল্লেখ্য যে যোৱা জুলাই মাহতে নিপীড়িতই অধিবক্তাৰ সৈতে এখন বাহনত গৈ থকা অৱস্থাত সন্দেহযুক্ত ট্রাকে খুন্দিয়াইছিল ৷ এই খুন্দাৰ সময়ত ধর্ষণৰ সাক্ষী এগৰাকীয়ে প্রাণ হেৰুৱাইছিল ৷ ঘটনাত আহত নিপীড়িতক ৰাইবেৰেলিৰ পৰা এয়াৰ এম্বুলেঞ্চযোগে নতুন দিল্লীৰ এইম্ছলৈ উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰা হৈছিল ৷ ইয়াৰ পাছতেই উচ্চতম ন্যায়ালয়ৰ নির্দেশমর্মে নিপীড়িতৰ পৰিয়ালক চি আৰ পি এফৰ নিৰাপত্তা প্রদান কৰা হৈছিল আৰু বিভিন্ন পর্যায় অতিক্রম কৰি নিপীড়িতৰ অভিযুক্তক দোষী সাব্যস্ত কৰিলে আদালতে ৷

You might also like