নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ চিকিৎসক, নাৰ্চসকলে ১৪ দিন কাম কৰাৰ পাছত হে ১৪ দিনৰ বাবে জিৰণি লাভ কৰিব ।
ৰাজ্যখনৰ স্বাস্থ্যবিভাগে জনোৱা মতে, সকলো স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে দুটা ছিফ্টত কাম কৰিব লাগিব ।
য’ত প্ৰথমটো দলে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ মুঠ ১০ ঘণ্টা কাম কৰিব আৰু দ্বিতীয়টো দলে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৮ বজালৈকে মুঠ ১৪ ঘণ্টা কাম কৰিব লাগিব ।
ইপিনে এই সময়ছোৱাত তেওঁলোকে কোনোধৰণ চুটী ল’ব নোৱাৰিব । অৱশ্যে একেৰাহে তেওঁলোকে ১৪ দিন কাম কৰাৰ পাছত ১৪ দিনৰ জিৰণি ল’ব পাৰিব ।