নিয়মীয়া বাৰ্তা,২ ফেব্ৰুৱাৰীঃ আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে কেন্দ্ৰশাসিত ভাৰতীয় জনতা পাৰ্টী দল । দিল্লীৰ শাসনাধিষ্ঠ দল আম আদমী পাৰ্টীক পৰাজিত কৰিবৰ বাবে এতিয়া উঠিপৰি লাগিছে বিজেপি ।
মাত্ৰ পাঁচদিন বাকী থকা দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া বিজেপি আৰম্ভ কৰিছে ঘৰে ঘৰে প্ৰচাৰ অভিযান । ভিন্ন পৰ্যায়ৰ নেতা মন্ত্ৰীৰ লগতে এতিয়া সকলো বিজেপি কৰ্মীয়ে দিল্লীত আৰম্ভ কৰিছে ঘৰে ঘৰে প্ৰচাৰ ।
এই সন্দৰ্ভত দলৰ নেতা প্ৰকাশ জাভেদকাৰে কয় যে, মাত্ৰ পাঁচদিন বাকী থকা নিৰ্বাচনৰ পূৰ্বে দলে আৰম্ভ কৰিছে এই বিশেষ কাৰ্যসূচী । যিহেতু দেওবাৰে বন্ধৰ দিন গতিকে বহু লোক নিজৰ ঘৰতে থাকে সেয়ে সকলো লোকৰ সৈতে মুখামুখি হৈ কেন্দ্ৰশাসিত বিজেপিয়ে দিল্লীৰ হকে কি কৰিছে আৰু পৰিৱৰ্তন কিয় প্ৰয়োজনীয় সেয়া বুজাবৰ বাবে এক লাখ কৰ্মীয়ে আৰম্ভ কৰিছে প্ৰচাৰ ।
ইফালে, দলৰ এই ঘৰে ঘৰে চলা প্ৰচাৰ অভিযান বিজেপিৰ অধ্যক্ষ জেপি নাড্ডা, অমিত শ্বাহৰ লগতে ভাগ লৈছে বহু চেলিব্ৰেটী নেতাই । উল্লেখ্য যে, ৭০ টা বিধানসভা সমষ্টিৰ দিল্লী বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব অহা ৮ ফেব্ৰুৱাৰী তাৰিখে ।