এজিআৰৰ বকায়া ধন সময়ত নিদিলেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়ঃদূৰসঞ্চাৰ বিভাগ
নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ ৰিলায়েন্স জিঅই বৃহস্পতিবাৰে ৩১ জানুৱাৰী ২০২০ লৈকে এজিআৰৰ বকায়া ধন ১৯৫ কোটি টকা দুৰসঞ্চাৰ বিভাগক প্ৰদান কৰে। আনহাতে দুৰসঞ্চাৰ বিভাগে কয় যে ন্যায়ালয়ত পৰৱৰ্তী নিৰ্দেশ নিদিয়া লৈকে যি কেইটা কোম্পানীয়ে এজিআৰৰ বকায়া ধন আদায় কৰা নাই সেইকেইটা কোম্পানীৰ বিৰোধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়।
উচ্চতম ন্যায়ালয়ে ২৪ অক্টোবৰত ২০১৯ চনত দিয়া এক ৰায় অনুসৰি ৰিলায়েন্স জিঅই চৰকাৰক ১৭৭ কোটি টকা দিব লাগিব। আনহাতে জিঅৰ প্ৰতিদ্বন্দী কোম্পানী ভাৰতী এয়াৰটেল আৰু ভোডাফোন আইডিয়াই এজিআৰ ৰূপে সৰ্বমুঠ ৮৮,৬২৪ কোটি টকা দিবলৈ আছে। এই দুয়োটা কোম্পানীয়ে দুৰসঞ্চাৰ বিভাগৰ পৰা বকায়া ধন আদায় দিবলৈ আৰু সময় বিচাৰিছে।