নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা যুগৰ অৱসানঃ চিৰ বিদায় কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ চিৰ বিদায় মাগিলে কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে। ‘ভাৰত ৰত্ন’ লতা মংগেশকাৰে ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ ইন্দোৰত জন্মগ্ৰহণ কৰিছিল। লতা মংগেশকাৰক গানৰ ক্ষেত্ৰত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ভাৰত ৰত্ন, পদ্মবিভূষণ, পদ্মভূষণ আৰু দাদাচাহেব ফাল্কেকে ধৰি কেবাটাও সন্মান প্ৰদান কৰা হৈছে। লতা মংগেশকাৰে ৩৬ টা ভাষাত ৫০,০০০ তকৈও অধিক গানত কণ্ঠ দান কৰিছে।

১৩ বছৰ বয়সত কেৰিয়াৰ আৰম্ভ কৰা লতা মংগেশকাৰে ১৯৪২ চনত মাৰাঠী ছবিত অভিনয় কৰিছিল। ‘কিতি হাচিল’ নামৰ এখন মাৰাঠী ছবিত তেওঁ এটা মাৰাঠী গানো গাইছিল, যদিও গানটো ছবিখনত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। কিন্তু তাৰ পৰাই তেওঁৰ গানৰ যাত্ৰা আৰম্ভ হৈছিল।

You might also like