এণ্টার্কটিকাৰ অতল গর্ভত সূর্যৰ পোহৰ–পানী অবিহনেই প্রাণ
নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ এণ্টার্কটিকাৰ বৰফীয় আচ্ছাদনৰ গভীৰত সন্ধান পোৱা গৈছে জীৱৰ৷ সূর্যৰ আলোকে এই অতল গভীৰক কেতিয়াও স্পর্শ কৰিব নোৱাৰে৷ ইয়াৰ ১০০ কিলোমিটাৰ দূৰত আছে পানীৰ অস্তিত্ব৷ বতাহে স্পর্শ কৰাৰ কথা কল্পনাই কৰিব নোৱাৰি৷ তথাপি এণ্টার্কটিকাৰ বৰফীয় আচ্ছাদনৰ প্রায় ৬৫০ ফুট তলত, অতল অন্ধকাৰত পোৱা গৈছে জীৱৰ অস্তিত্ব৷ এয়াই প্রথম এনে ঘটনা ঘটিছে এণ্টার্কটিকাত৷ এটা–দুটা প্রাণী নহয়, ৭৭ প্রজাতিৰ ক্ষুদ্রাতিক্ষুদ্র প্রাণীৰ সন্ধান পোৱা গৈছে৷ ইয়াৰ উপৰি আছে বিভিন্ন অণুজীৱ৷ অণুজীৱবোৰৰ ৪৯টা প্রজন্মই বৰফৰ শীতল গহ্বৰত যুগৰ পিছত যুগ ধৰি অৱস্থান কৰি আছে৷ ব্রিটেইন আৰু জার্মানীৰ জীৱবিজ্ঞানীসকলে এই বিৰল প্রাণীৰ সন্ধান পাইছে এণ্টার্কটিকাৰ একষ্ট্রম আইচছেল্ফত৷ এই সন্দর্ভত এক গৱেষণা–পত্র প্রকাশ পাইছে ‘কাৰেণ্ট বায়’লজী’ নামৰ বিজ্ঞান জার্নালখনত৷ মূল গৱেষক ব্রিটেইনৰ জীৱবিজ্ঞানী ডেভিদ বার্নছে উল্লেখ কৰা অনুসৰি এণ্টার্কটিকাৰ গভীৰত এই জীৱৰ অস্তিত্ব পোহৰলৈ অহাৰ লগে লগে জীৱবিজ্ঞানীসকলৰ মাজত বৃদ্ধি পাইছে কৌতূহল৷