নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াৰে অলংকাৰত হ’ল মাৰ্ক লগোৱাটো বাধ্যতামূলক

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে এতিয়াৰে পৰা সকলোধৰণৰ অলংকাৰত হ’ল মাৰ্ক লগোৱাটো জৰুৰী হ’ব। চৰকাৰে এই সিদ্ধান্তৰ মতে অহা বৰ্ষৰ পৰা সোণৰ অলংকাৰ বিনা হ’ল মাৰ্কেৰে বিক্ৰী কৰিব নোৱাৰিব। এই সম্বন্ধে ১৫ জানুৱাৰী ২০২০ লৈকে অধিসূচনা প্ৰকাশ কৰা হব। কেন্দ্ৰীয় উপভোক্তা মন্ত্ৰী ৰামবিলাস পাছৱানে শুক্ৰবাৰে এই কথা জানিবলৈ দিয়ে। লগতে মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে গ্ৰাহক সকলে সোণ ক্ৰয়ৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ প্ৰতাৰিত নহয় তাৰ বাবে এই ব্যৱস্থা হাতত লোৱা হৈছে।

You might also like