নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াৰে পৰা প্ৰাক্তন প্ৰধান মন্ত্ৰীৰ পৰিয়ালে নাপাব এছ পি জিৰ সুৰক্ষা

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ এতিয়াৰে পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁলোকৰ পৰিয়ালক কোনো ধৰণৰ এছ পি জি সুৰক্ষা প্ৰদান কৰা নহয়। কেন্দ্ৰীয় চৰকাৰে লোকসভাত আজি এছ পি জি সুৰক্ষা
সম্পৰ্কীয় বিলখন উত্থাপন কৰা হয়।

এই নতুন বিলখনৰ মতে বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ পৰিয়ালক এছ পি জিৰ সুৰক্ষা প্ৰদান কৰা হ’ব যেতিয়া প্ৰধানমন্ত্ৰীৰ আবাসত থাকিব লগতে প্ৰাক্তন প্ৰধান মন্ত্ৰী আৰু তেওঁৰ পৰিয়ালক পাঁচ বছৰলৈকেহে এছ পি জিৰ সুৰক্ষা প্ৰদান কৰিব।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে গান্ধী পৰিয়ালৰ এছ পি জি সুৰক্ষা প্ৰত্যাহাৰ কৰিছিল, যাৰ পৰিপেক্ষিতত এই বিলখন যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। গান্ধী পৰিয়ালৰ ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীক প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্য়াৰ পিছতেই এছ পি জিৰ সুৰক্ষা প্ৰদান কৰিছিল।

ইয়াৰ উপৰিও প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিংক এছ পি জিৰ সুৰক্ষা প্ৰদান কৰিছিল, কিন্তু সুৰক্ষা সমীক্ষাৰ পিছতেই এছ পি জিৰ সুৰক্ষা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰিছিল। যাৰ পৰিপেক্ষিতত কংগ্ৰেছে তীব্ৰ বিৰোধ কৰিছিল আৰু সংসদত ইয়াক লৈ তীব্ৰ বিতৰ্ক কৰিছিল।

You might also like