নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওস্তাদ গোলাম মোস্তাফা খানৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ কেইবাদশকজুৰি ভাৰতীয় সংগীত জগতত ভোটা তৰা হৈ জিলিকি থকা ওস্তাদ গোলাম মোস্তাফা খান আৰু নাই৷ আজি মুম্বাইৰ বান্দ্রাস্থিত বাসভৱনত দিনৰ প্রায় ১২.৩০ বজাত ভাৰতীয় ধ্রুপদী সংগীতৰ কিংবদন্তিজনে ইহসংসাৰ ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯ বছৰ৷ তেওঁৰ বোৱাৰী নম্রতা গুপ্তা খানে ছ’চিয়েল মিডিয়াত ওস্তাদ গোলাম মোস্তাফা খানৰ মৃত্যুৰ বার্তা প্রেৰণ কৰাৰ পাছতে দেশৰ সংগীত জগতত শোকৰ ছাঁ পৰিছে৷ কোকিলকণ্ঠী লতা মংগেশকাৰে টুইটাৰত কয়– ওস্তাদ গোলাম মোস্তাফা খান চাহেবৰ মৃত্যুত মই গভীৰ মনোকষ্ট পাইছোঁ৷ তেওঁ এজন ভাল গায়কেই নহয়, এজন খুব ভাল ব্যক্তিত্বৰ মানুহো আছিল৷ মংগেশকাৰে লগতে কয় যে তেওঁ ওস্তাদ গোলাম মোস্তাফা খানৰ পৰা সংগীতৰ শিক্ষা লৈছিল৷ তেওঁৰ মৃত্যুত সংগীতৰ ডাঙৰ ক্ষতি হ’ল৷ সৰোদবাদক আমজাদ আলী খান আৰু সংগীতজ্ঞ এ আৰ ৰহমানেও তেওঁৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে৷ এ আৰ ৰহমানে তেওঁক সংগীতৰ আটাইতকৈ প্রিয় শিক্ষক বুলি অভিহিত কৰে৷ ১৯৩১ চনৰ ৩ মার্চত ওস্তাদ গোলাম মোস্তাফা খানৰ জন্ম হৈছিল উত্তৰ প্রদেশৰ বাডাউনত৷

বাল্যকালৰে পৰা তেওঁ বিখ্যাত সংগীতজ্ঞৰ সান্নিধ্য লাভ কৰিছিল৷ তেওঁৰ পিতৃ ওস্তাদ ৱাৰিছ হুছেইন খান আছিল এজন প্রখ্যাত সংগীতজ্ঞ৷ আনহাতে, মাতৃ সবৰী বেগমৰ পিতৃও আছিল এজন খ্যাতনামা সংগীতজ্ঞ ওস্তাদ ইনায়ৎ হুছেইন খান৷ সংগীত জগতলৈ কেইবাদশকজুৰি অৰিহণা আগবঢ়োৱা ওস্তাদ গোলাম মোস্তাফা খানক ১৯৯১ চনত পদ্মশ্রী, ২০০৬ চনত পদ্মভূষণ আৰু ২০১৮ চনত পদ্মবিভূষণ বঁটা প্রদান কৰা হৈছিল৷ আনহাতে, ২০০৩ চনত তেওঁ লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা৷ উল্লেখ্য যে ২০১৯ চনত তেওঁ ব্রেইন ষ্ট্র’কত আক্রান্ত হৈছিল৷ তেতিয়াৰে পৰা পক্ষাঘাতত আক্রান্ত হৈ তেওঁ শয্যাশায়ী হৈ পৰে৷ আজি পুৱা তেওঁ সম্পূর্ণ সুস্থ অৱস্থাত আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে৷ দিনটোৰ ২৪ ঘণ্টাই তেওঁক নার্ছৰ নিৰীক্ষণত ৰখা হৈছিল৷ কিন্তু দুপৰীয়া তেওঁ হঠাৎ মৃত্যুক আঁকোৱালি লয়৷ ওস্তাদ গোলাম মোস্তাফা খানৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ তেওঁৰ মৃত্যুত দেশৰ সাংস্কৃতিক জগতখন দুখীয়া হৈ পৰিল বুলি এক শোকবার্তাত উল্লেখ কৰে প্রধানমন্ত্রী মোদীয়ে৷

You might also like