নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ভেকচিনৰ পাছত হোৱা নাই পার্শ্বক্রিয়াঃ মন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ  প্রথম দিনটোত ক’ৰোনাৰ ভেকচিন প্রদান কৰা ব্যক্তিসকলৰ শৰীৰত দেখা দিয়া নাই কোনো পার্শ্বক্রিয়া৷ আজি এই কথা সদৰী কৰিছে ৰাজ্যৰ বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দেওবাৰে নলবাৰীৰ মেডিকেল কলেজৰ নির্মাণৰ কাম বুজ লোৱাৰ অন্তত সংবাদ মাধ্যমৰ আগত কয়– ‘কালি অসমজুৰি ৬৫টা স্থানত ৬,৫০০গৰাকী ব্যক্তিক ক’ভিড–১৯ ভেকচিন দিয়া হৈছে৷ ভেকচিন লোৱাসকলৰ শৰীৰত কোনো পার্শ্বক্রিয়া হোৱা নাই৷ ক’ভিড ভেকচিন লোৱাসকলক মই সুধিছোঁ কিবা অসুবিধা লাভ কৰিছে নেকি? তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই বুলি কৈছে৷ অর্থাৎ বিজ্ঞানীসকলে নিশ্চয়তা প্রদান কৰাতকৈও অধিক সুৰক্ষিত এই ভেকচিন৷’ সেয়েহে ভেকচিন ল’বৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনায়৷ বিশেষকৈ প্রথম পর্যায়ত তালিকাভুক্ত হোৱা ২,৯০,০০০গৰাকী ব্যক্তিক আগবাঢ়ি আহি ভেকচিন ল’বলৈ আহ্বান জনাইছে মন্ত্রীগৰাকীয়ে৷

উল্লেখ্য যে বহু প্রতীক্ষাৰ অন্তত কালিৰে পৰা দেশজুৰি আৰম্ভ হৈছে ক’ভিড–১৯ৰ ভেকচিন প্রদান প্রক্রিয়া৷ অসমতো চিকিৎসা মহাবিদ্যালয়সমূহৰ্ লগতে জিলা হাস্পতালসমূহত ক’ভিডৰ ভেকচিন প্রদানৰ ব্যৱস্থা কৰা হৈছে৷ প্রথম পর্যায়ত চিকিৎসক–নার্ছৰ লগতে আন আন স্বাস্থ্যকর্মীসকলক অগ্রাধিকাৰ ভিত্তিত প্রদান কৰা হৈছে ক’ভিড ভেকচিন৷

You might also like