নিয়মীয়া বাৰ্তা, ৯অক্টোবৰঃ কংগ্রেছৰ নতুন সভাপতিগৰাকী গান্ধী পৰিয়ালৰ ৰিম’ট কণ্ট্ৰ’লৰ দ্বাৰা পৰিচালিত হ’ব বুলি উঠা অভিযোগক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে ৰাহুল গান্ধীয়ে৷ ভাৰত জোড়ো যাত্রাৰ সময়ত কর্ণাটকত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীয়ে কয় যে দলটোৰ নতুন সভাপতি হিচাপে যিগৰাকীয়ে নির্বাচিত হয় তেওঁ সিদ্ধান্ত গ্রহণত মুকলিমূৰীয়া হ’ব আৰু দল পৰিচালনা কৰাৰ ক্ষেত্রত সিদ্ধান্ত গ্রহণ কৰিব পাৰিব৷ কংগ্রেছৰ সভাপতি নির্বাচনৰ দুয়োগৰাকী প্রার্থীয়ে নিজা নিজা দক্ষতাৰে এক সু–প্রতিষ্ঠিত স্থানত আছে৷ গতিকে ৰিম’ট কণ্ট্ৰ’লৰ দ্বাৰা পৰিচালিত বুলি ক’লে দুয়োজনকে ইতিকিং কৰা হ’ব৷
উল্লেখ্য যে ২২ বছৰৰ মূৰকত কংগ্রেছৰ সভাপতি অহা ১৭ অক্টোবৰত নির্বাচন কৰা হ’ব৷ গান্ধী পৰিয়ালৰ বাহিৰৰ দুই জ্যেষ্ঠ নেতা মল্লিকার্জুন খার্গে আৰু শশী থাৰুৰৰ মাজত প্রতিদ্বন্দ্বিতা হ’ব৷ ১৭ অক্টোবৰত ভোটগ্রহণৰ পাছত ১৯ অক্টোবৰত নির্বাচনী ফলাফল ঘোষণা কৰা হ’ব৷